ডিজিটেল ডেস্ক, ১২ মে’ : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে মঙলবাৰে শপতগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । শপতগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তিপীঠ মা কামাখ্যা ধাম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।
বিধানসভা নিৰ্বাচনত এক ঐতিহাসিক বিজয়ৰ পাছত মঙলবাৰে ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক উৎসৱমুখৰ পৰিৱেশত এই শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হয় । এই শপতগ্ৰহণত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে ড0 শৰ্মা আৰু আন চাৰিজন মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত এনডিএৰ চাৰিজন মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে।
এই ভব্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, এনডিএশাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল, কেইবাজনো বিদেশী দূত, সত্ৰাধিকাৰ তথা অন্যান্য আমন্ত্ৰিত অতিথিসকলে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ড০ শৰ্মা চৰকাৰৰ এই নতুন যাত্ৰাক উৎসাহিত কৰে ।
তদুপৰি খানাপাৰাৰ এই শপতগ্ৰহণ অনুষ্ঠানত ড০ শৰ্মাৰ মাতৃ মৃণালিনী দেৱী, পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যায়ো এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰয়।
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে আজি আন চাৰিজন মন্ত্ৰীয়েও পদ আৰু গোপনীয়তাৰ শপত লয়। ইয়াৰে দুজন বিজেপিৰ পৰা আৰু এজনকৈ মিত্ৰদল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ পৰা নিৰ্বাচিত হৈছে। শপত লোৱা মন্ত্ৰীসকল হ’ল ৰামেশ্বৰ তেলী (বিজেপি), অজন্তা নেওগ (বিজেপি), অতুল বৰা (অগপ), চৰণ বড়ো (বিপিএফ)।
আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ পদৰ বাবে মনোনীত কৰা হৈছে ।
শেহতীয়া নিৰ্বাচনত ১২৬ জনীয়া অসম বিধানসভাত বিজেপিয়ে ৮২খন আসন লাভ কৰে। তদুপৰি মিত্ৰদল অসম গণ পৰিষদ (অগপ) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১০খনকৈ আসন লাভ কৰি ৰাজ্যখনত এন ডি এৰ মুঠ সংখ্যা ১০২খনলৈ বৃদ্ধি কৰে।