নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ বাজিয়াগাঁৱত ড্ৰাগছসহ এজনক আটক

নিয়মীয়া বাৰ্তা, চামগুৰি, ১২ মে’ : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁৱৰ কলংপাৰ অঞ্চলত যোৱানিশা চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক অৰূপ পাঠকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে যোৱানিশা এক গোপন খবৰৰ ভিত্তিত বাজিয়াগাঁৱৰ কলংপাৰ অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে বাজিয়াগাঁৱৰ কলংপাৰ অঞ্চলৰ আলী হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে ৩০টা ড্ৰাগছভৰ্তি কন্টেইনাৰসহ নগদ ধন জব্দ কৰে ৷

আৰক্ষীয়ে যোৱানিশা আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোক আজি নগাঁও আদালতত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

You might also like