ডিজিটেল ডেস্ক, ১২ মে’ : প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই বাতিল কৰা হ’ল NEET-UG 2026 পৰীক্ষা। যোৱা ৩ মে’ত সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছিল চিকিৎসা শিক্ষাৰ এই প্ৰৱেশিকা পৰীক্ষা। সম্প্ৰতি উক্ত পৰীক্ষা বাতিল হোৱাত পুনৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি জনাইছে নেচনেল টেষ্টিং এজেন্সীয়ে (NTA) । ইয়াৰ উপৰি সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ক দায়িত্ব অৰ্পণ কৰা হৈছে ।
সমস্যাৰ সূচনা হয় ৰাজস্থানত। জানিব পৰা মতে, পৰীক্ষাৰ প্ৰায় এমাহ পূৰ্বেই কিছুমান শিক্ষাৰ্থীৰ হাতত এখন সম্ভাব্য প্ৰশ্নকাকত পৰিছিল। অতিৰিক্ত সঞ্চালকপ্ৰধান বিশাল বানচালে কয় যে সেই সম্ভাব্য প্ৰশ্নকাকতত ৪১০টা প্ৰশ্ন আছিল। পৰীক্ষাৰ পিছত দেখা যায়, ৰসায়ন বিজ্ঞানৰ ১২০টা প্ৰশ্নৰ মূল প্ৰশ্নকাকতৰ সৈতে হুবহু মিল আছে। কেৱল প্ৰশ্নই নহয়, উত্তৰৰ বিকল্পসমূহো একে আছিল। আন এক সূত্ৰৰ দাবী অনুসৰি, সম্ভাব্য প্ৰশ্নকাকতৰ ২৮১টা প্ৰশ্নৰ ভিতৰত ১৩৫টা প্ৰশ্নৰ মূল প্ৰশ্নকাকতৰ সৈতে সম্পূৰ্ণ মিল আছিল।
উল্লেখ্য যে যোৱা ৩ মে’ত নেচনেল টেষ্টিং এজেন্সীয়ে NEET-UG 2026 পৰীক্ষা অনুষ্ঠিত কৰিছিল। প্ৰায় ২৩ লাখ শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
নেচনেল টেষ্টিং এজেন্সীয়ে (NTA) এক বিবৃতিযোগে জনাইছে যে বৰ্তমান পৰীক্ষা প্ৰক্ৰিয়াটোত যিহেতু আসোঁৱাহ ধৰা পৰিছে, সেয়ে ইয়াক বাহাল ৰখাৰ কোনো যুক্তি নাই। ভাৰত চৰকাৰৰ অনুমোদনসাপেক্ষে এনটিএয়ে ৩ মে’ৰ পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত লয়। পৰীক্ষাৰ বিশ্বাসযোগ্যতা আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থতে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এনটিএয়ে চিবিআই তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জনায় ।
উল্লেখ্য যে শিক্ষাৰ্থীসকলে পুনৰ নতুনকৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। কিন্তু পৰীক্ষাৰ্থীসকলৰ বাবে সকাহৰ খবৰ এই যে তেওঁলোকে পুনৰ নতুনকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই । পূৰ্বৰ পঞ্জীয়ন তথ্য আৰু কেন্দ্ৰসমূহেই পুনৰ পৰীক্ষাৰ বাবে বৈধ হ’ব । লগতে কোনো অতিৰিক্ত মাচুলো লোৱা নহ’ব। এনটিএয়ে জনোৱা মতে, শিক্ষাৰ্থীসকলে ইতিমধ্যে জমা দিয়া মাচুল ঘূৰাই দিয়া হ’ব। অৱশ্যে পৰীক্ষাৰ নতুন দিন আৰু সংশোধিত এডমিট কাৰ্ডৰ বিষয়ে চৰকাৰীভাৱে অতি সোনকালে ঘোষণা কৰা হ’ব ।