অসমৰ ইতিহাসত এটা ঐতিহাসিক অধ্যায়ৰ সূচনা কৰি ৰাইজে পুনৰবাৰ ভাৰতীয় জনতা দল আৰু তেওঁলোকৰ মিত্রজোঁটক বিধানসভাত নিৰংকুশ আৰু পূর্ণ বহু মত প্রদান কৰিছে৷ এই জনাদেশ কেৱল এটা বিশেষ ৰাজনৈতিক শক্তিৰ জয় নহয়, এই জয় হৈছে এক উন্নত, সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে অসমবাসীয়ে দেখা সপোনৰ এক সামূহিক প্রতিফলন৷
নির্বাচনী যুঁজৰ উত্তাপ আৰু প্রতিযোগিতাৰ এতিয়া নতুন চৰকাৰ গঠন হৈছে৷ এই চৰকাৰ কেৱল এটা নির্বাচনী মিত্রজোঁটৰ সম্পত্তি হৈ থকা নাই। শপত গ্রহণৰ মুহূর্তৰ পৰাই ই হৈ পৰিছে সমগ্র অসমবাসীৰ চৰকাৰ, য’ত শাসনাধিষ্ঠিত পক্ষক ভোট দিয়া আৰু নিদিয়া উভয়ৰে আশা–আকাংক্ষা নিহিত হৈ আছে৷
এতিয়া নির্বাচনী বিভাজনৰ ঊর্র্ধ্বলৈ গৈ ৰাজ্যখনক বিকাশৰ এক নতুন স্তৰলৈ লৈ যোৱাৰ বাবে এক সন্মিলিত সংকল্প লোৱাৰ সময় উপস্থিত হৈছে৷ বিগত এটা দশকত অসমৰ সামাজিক আৰু অর্থনৈতিক দৃশ্যপটত এক স্পষ্ট পৰিৱর্তনৰ ছবি দেখিবলৈ পোৱা গৈছে৷
এসময়ত যিখন ৰাজ্যৰ আইন–শৃংখলা বা অন্য প্রত্যাহ্বানৰ বাবে বাহিৰৰ বিনিয়োগকাৰীসকলে ভৰি দিবলৈ কুণ্ঠাবোধ কৰিছিল, আজি সেইখন অসমেই দেশৰ এক অন্যতম আকর্ষণীয় বিনিয়োগ কেন্দ্র হিচাপে আত্মপ্রকাশ কৰিছে৷
আন্তঃগাঁথনিৰ দ্রুত পৰিৱর্তন, দলং–ৰাস্তাৰ সম্প্রসাৰণ আৰু ব্যৱসায়–অনুকূল নীতি গ্রহণ কৰি চৰকাৰে প্রদর্শন কৰা কৃতিত্ব শলাগিবলগীয়া৷ উন্নয়নৰ এই জয়যাত্রাৰ মাজতো পৰম্পৰাগত সমস্যাবোৰে এতিয়াও একো একোটা বিয়াগোম প্রত্যাহ্বান হৈ চৰকাৰখনৰ সন্মুুখত থিয় দি আছে৷
অসমৰ চিৰদিনীয়া সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া৷ প্রতিবছৰে বর্ষা ঋতু আহিলেই আমাৰ অর্থনীতিক ই জুৰুলা কৰাৰ লগতে হাজাৰ হাজাৰ কৃষক আৰু গ্রাম্য পৰিয়ালক নিঃস্ব কৰি পেলায়৷ নতুন চৰকাৰৰ পৰা অসমবাসীৰ এক প্রধান আশা হ’ল যে এতিয়া পৰম্পৰাগত সাহায্যকেন্দ্রিক নীতিৰ পৰিৱর্তে এক গভীৰ বৈজ্ঞানিক চিন্তা–চর্চা আৰু দীর্ঘম্যাদী পৰিকল্পনাৰে এই দুর্যোগৰ মুখামুখি হ’ব লাগিব৷
বানপানীৰ সমান্তৰালভাৱে নিবনুৱা সমস্যাও এক জ্বলন্ত সমস্যা৷ কেৱল চৰকাৰী বিভাগৰ পদবী পূৰণ কৰি এই বৃহৎ জনসংখ্যাক নিয়োগ দিয়াটো সম্ভৱ নহয়৷ ইয়াৰ বাবে লাগিব এক শক্তিশালী ঔদ্যোগিক বিপ্লৱ আৰু ক্ষুদ্র তথা মজলীয়া উদ্যোগৰ প্রসাৰ৷ চৰকাৰে এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব, য’ত আমাৰ যুৱপ্রজন্মই কেৱল চাকৰি বিচাৰি ফুৰা প্রার্থী নহৈ নিজে সংস্থাপনদাতা হৈ উঠিব পাৰে৷
অসমৰ অর্থনীতিৰ মেৰুদণ্ড হৈছে কৃষি৷ কিন্তু আধুনিক প্রযুক্তিৰ অভাৱ আৰু সঠিক বিপণন ব্যৱস্থাৰ দুর্বলতাৰ বাবে আমাৰ কৃষকসকলে এতিয়াও যোগ্য মূল্যৰ পৰা বঞ্চিত হৈ আছে৷ চৰকাৰৰ নতুন কার্যকালত কৃষিক্ষেত্রৰ যান্ত্রিকীকৰণ আৰু জৈৱিক কৃষিৰ ওপৰত অধিক গুৰুত্ব দিয়াটো সময়ৰ আহ্বান৷
অসমৰ মাটি সাৰুৱা, ইয়াত সম্ভাৱনা অপৰিসীম৷ অসমৰ কৃষিজাত উৎপাদনবোৰক বিশ্বৰ বজাৰলৈ লৈ যাব পাৰিলে গ্রাম্য অসমৰ চেহেৰা সলনি হ’বলৈ বেছি সময় নালাগিব৷ তেনেদৰে অসমৰ বৌদ্ধিক আৰু মানৱ সম্পদৰ বিকাশ এই নতুন চৰকাৰৰ বাবে এক অন্যতম মূল মন্ত্র হোৱা উচিত৷
এক দুর্ভাগ্যজনক সত্য এই যে আমাৰ ৰাজ্যৰ বহু মেধাৱী ছাত্র–ছাত্রীয়ে আজিও উচ্চ শিক্ষাৰ বাবে দিল্লী, মুম্বাই বা বেংগালুৰুলৈ ঢাপলি মেলিবলগীয়া হয়৷ ঠিক সেইদৰে জটিল চিকিৎসাৰ বাবেও মানুহে বাহিৰৰ ৰাজ্যলৈ যাবলগীয়া হোৱাত এই চিকিৎসা এটা বৃহৎ আর্থিক বোজা হৈ পৰে৷ নতুন চৰকাৰখনে এই দৃশ্যপট সম্পূর্ণৰূপে সলনি কৰাৰ সংকল্প ল’ব লাগিব৷
অসমক এনে এক শৈক্ষিক আৰু চিকিৎসাৰ প্রাণকেন্দ্র হিচাপে গঢ়ি তুলিব লাগে, যাতে দেশৰ বিভিন্ন প্রান্তৰ পৰা আনকি দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ পৰাও ছাত্র–ছাত্রী আৰু ৰোগী অসমলৈ আহিবলৈ উৎসাহিত হয়৷
শিক্ষাৰ ক্ষেত্রত বিশ্বমানৰ পাঠ্যক্রম আৰু আন্তঃগাঁথনি প্রস্তুত কৰিব পাৰিলেহে অসমৰ সন্তানসকলক নিজৰ ভেটিতে ভৱিষ্যৎ গঢ়াৰ সুযোগ দিয়া হ’ব৷ সাম্প্রতিক গোলকীয় ৰাজনীতি আৰু অর্থনীতিত ‘ছফ্ট পাৱাৰ’ হিচাপে সাংস্কৃতিক শক্তিয়ে এক বিশেষ মাত্রা লাভ কৰিছে৷
ভাৰত চৰকাৰে দেশৰ বিচিত্র সংস্কৃতিৰ জৰিয়তে বিশ্বত প্রভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু অসমো সেই যাত্রাৰ এক গুৰুত্বপূর্ণ অংশীদাৰ হ’ব পাৰে৷ চহকী সত্রীয়া সংস্কৃতি, লোক–সংগীত, হস্তশিল্প আৰু বয়ন শিল্প আদিক আধুনিক যুগৰ উপযোগীকৈ উপস্থাপন কৰিব পাৰিলে ই কেৱল পৰিচয় নহয়, বৰঞ্চ ৰাজ্যখনৰ বাবে এক বৃহৎ অর্থনৈতিক উপার্জিত মাধ্যম হৈ পৰিব৷
অৱশ্যে এই বিশাল লক্ষ্যসমূহ কেৱল চৰকাৰৰ অকলে বাস্তৱায়িত কৰাটো অসম্ভৱ৷ চৰকাৰী আঁচনিসমূহৰ সফল কার্যকৰীকৰণৰ বাবে প্রতিজন নাগৰিকৰ সক্রিয় অংশগ্রহণ আৰু সজাগতা অত্যন্ত প্রয়োজনীয়৷ ৰাজনৈতিক ক্ষেত্রত মতাদর্শগত বিৰোধিতা থকাটো গণতন্ত্রৰ সৌন্দর্য, কিন্তু ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ কথাত সকলো দলীয় সংকীর্ণতাৰ ঊর্র্ধ্বলৈ উঠিব লাগিব৷ বিৰোধী পক্ষই চৰকাৰৰ ত্রুটিসমূহ আঙুলিয়াহ দিয়াৰ লগতে এক গঠনমূলক সহযোগীৰ ভূমিকা পালন কৰা উচিত৷
অসমৰ ৰাহজে এতিয়া অধীৰ আগ্রহ আৰু বিপুল আশাৰে এই নতুন চৰকাৰখনৰ প্রতিটো পদক্ষেপলৈ নিৰীক্ষণ কৰিছে৷ সকলোৱে আশা কৰে যে চৰকাৰে এক দূৰদর্শী দৃষ্টিভংগীৰে কাম কৰিব আৰু সমাজৰ একেবাৰে অন্তিমজন ব্যক্তিৰ ওচৰলৈকো উন্নয়নৰ সুফল লৈ যাব৷ সকলোৰে সহযোগত এক নতুন চিন্তা আৰু উদ্দীপনাৰে এই চৰকাৰখনে অসমক ভাৰতৰ মানচিত্রত এখন অন্যতম শ্রেষ্ঠ আৰু আগশাৰীৰ ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাত সফল হ’ব৷