প্রথমবাৰলৈ গৃহভূমিত টেষ্টত পাকিস্তানক হৰুৱালে বাংলাদেশে
ইতিহাস ৰচিলে বাংলাদেশে৷ প্রথমবাৰৰ বাবে গৃহভূমিত টেষ্ট মেচত পাকিস্তানক পৰাস্ত কৰিলে বাংলাদেশে৷ মিৰপুৰত অনুষ্ঠিত দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ প্রথমখন মেচত বাংলাদেশে পাকিস্তানক ১০৪ ৰানত পৰাস্ত কৰি শৃংখলাটোত ১–০ৰ অগ্রগতি লাভ কৰিছে৷
উল্লেখ্য যে পাকিস্তানৰ বিপক্ষে বাংলাদেশে ক্রমাগত তৃতীয়খন টেষ্টত জয়ৰ মুখ দেখিছে৷ ইয়াৰ পূর্বে বাংলাদেশে পাকিস্তানক নিজ দেশতে দুখন টেষ্টত পৰাস্ত কৰিছিল৷ মিৰপুৰ টেষ্টত বাংলাদেশে জয়ৰ বাবে বান্ধি দিয়া ২৬৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি পঞ্চম তথা অন্তিম দিনা নাহিদ ৰানাৰ লগতে তাস্কিন আহমেদ আৰু তাইজুল ইছলামৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ পাকিস্তানে ১৬৩ ৰানতে ইনিংছ সামৰে৷
পাকিস্তানৰ হৈ আব্দুল্লা ফজলে সর্বাধিক ৬৬ ৰানৰ অৰিহণা আগবঢ়ায়৷ বাংলাদেশৰ হৈ ৰাণাই ৫টা, তাস্কিন আৰু তাইজুল উভয়ে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে চতুর্থ দিনা তিনি উইকেটত কৰা ১৫২ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি বাংলাদেশে ৯টা উইকেটত ২৪০ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে৷
অধিনায়ক নজমুল হুছেইন ছাণ্টোৱে ৮৭ আৰু মমিনুল হকে ৫৬ ৰানৰ অৱদান আগবঢ়ায়৷ উল্লেখ্য যে বাংলাদেশে প্রথম ইনিংছত ৪১৩ ৰান কৰাৰ প্রত্যুত্তৰত পাকিস্তানে ৩৮৬ ৰানত প্রথম ইনিংছ সামৰিছিল৷
ডিজিটেল ডেস্ক, ১৩ মে’