নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডলাৰৰ বিপৰীতে সর্বাধিক মূল্য হ্রাস : শতকৰ দিশে ভাৰতীয় টকাৰ মূল্য

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য দ্রুতগতিত হ্রাস পাই কালিৰ দিনান্তত প্রায় ৯৬ টকা হয়গৈ৷ এয়া ভাৰতীয় মুদ্রাৰ ডলাৰৰ বিপৰীতে সর্বাধিক হ্রাস হিচাপে পৰিগণিত হৈছে৷ মধ্যপ্রাচ্যৰ যুদ্ধ সাময়িকভাৱে শাম কটিলেও ইৰান আৰু আমেৰিকাৰ শান্তি আলোচনা দোদুল্যমান অৱস্থাত থকাৰ ফলতে ভাৰতীয় মুদ্রাৰ মূল্য দ্রুত অৱনমিত হয়৷

৪ মার্চত যুদ্ধৰ প্রভাৱৰ বাবে ৯২ টকা অতিক্রম কৰাৰ পিছতে সামান্য উন্নতি হৈছিল যদিও পুনৰ টকাৰ মূল্য হ্রাস পাই ৯ মার্চত ৯২.৩০ টকা হয়৷ এনে অৱস্থাত যুদ্ধৰ বিভীষিকাৰ অন্ত নপৰিলে অতি কম সময়ৰ ভিতৰতে ভাৰতীয় টকাৰ মূল্য প্রতি ডলাৰৰ বিপৰীতে ১০০ টকা অতিক্রম কৰিব বুলি আশংকা কৰা হৈছে৷

ইফালে মুদ্রাৰ মূল্যৰ সমান্তৰালভাৱে শ্বেয়াৰ বজাৰতো ইয়াৰ প্রভাৱ ব্যাপক হোৱা পৰিলক্ষিত হৈছে৷ দিনটোৰ আৰম্ভণিতে ছেনছেক্স ৯০০ পইণ্টতকৈও অধিক হ্রাস পাইছিল৷

দিনান্তত ছেনছেক্স ১৪৫৬ পইণ্ট হ্রাস পায়গৈ৷ একেদৰে নিফ্টি ৪৩৬ পইণ্ট হ্রাস পাই ২৩৩৭৯ত উপনীত হয়৷ দিনটোৰ শেষত ভাৰতীয় মুদ্রাৰ মূল্য প্রতি ডলাৰত হয়গৈ ৯৫.৭৪ টকা৷

ডিজিটেল ডেস্ক, ১৩ মে’

You might also like