নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL 2026 : প্লেফৰ এখোজ আঁতৰত গুজৰাট টাইটানছ

চলিত আইপিএলৰ প্লেফৰ এখোজ আঁতৰত গুজৰাট টাইটানছ৷ প্রতিযোগিতাখনৰ বিজয় অপৰিহার্য মেচখনত গুজৰাট টাইটানছে ছানৰাইজার্ছ হায়দৰাবাদক ৮২ ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷

শুভমন গিল নেতৃত্বাধীন গুজৰাটে এতিয়ালৈকে ১২খন মেচ খেলি ৮খনত জয় আৰু ৪খনত পৰাস্ত হৈ মুঠ ১৬ পইণ্ট অর্জন কৰিছে৷ আৰু মাত্র এখন খেলত জয়লাভ কৰিব পাৰিলেই গুজৰাটৰ প্লেফত স্থান নিশ্চিত হ’ব৷ বিপৰীতে ছানৰাইজার্ছে ১২খন মেচৰ সাতখনত জয় আৰু ৫খনত পৰাস্ত হৈ ১৪ পইণ্টেৰে তৃতীয় স্থানলৈ অৱনমিত হয়৷

মেচখনত গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ১৬৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কাগিছো ৰাবাডা আৰু জেছন হল্ডাৰৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ ছানৰাইজার্ছে ১৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৮৬ ৰানহে কৰে৷ দলটোৰ হৈ সর্বাধিক ১৯ ৰান কৰে পেট কামিনছে৷

হেডে ০, অভিষেকে ৬, ঈশানে ১১ আৰু ক্লাছেনে ১৪ ৰানহে কৰে৷ গুজৰাটৰ হৈ ৰাবাডা আৰু হল্ডাৰ উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ সাই সুদর্শন আৰু ৱাশ্বিংটন সুন্দৰৰ দর্শনীয় অর্ধশতকৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬৮ ৰান সংগ্রহ কৰে৷

সুদর্শনে ৪৪টা বলত ৬১ আৰু সুন্দৰে ৩৩টা বলত ৫০ ৰানৰ অৱদান আগবঢ়ায়৷ নিশান্ত সিন্ধুৱে ২২ ৰানৰ মূল্যৱান অৰিহণা আগবঢ়ায়৷ দলীয় স্ক’ৰ ২৬ ৰানতে অধিনায়ক গিল (৫) আৰু জ’ছ বাটলাৰে (৭) বিদায় লোৱাত দলটো বিপদত পৰে যদিও সুদর্শনে নিশান্তৰ সৈতে তৃতীয় উইকেটত ৩৮ আৰু সুন্দৰৰ সৈতে চতুর্থ উইকেটত ৬০ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ ছানৰাইজার্ছৰ হৈ প্রফুল হিংগে আৰু ছাকিব হুছেইনে দুটাকৈ উইকেট লয়৷

ডিজিটেল ডেস্ক, ১৩ মে’

You might also like