দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰ শপতগ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভাৰ অচিৰেই হ’ব সম্প্রসাৰণ৷ মুখ্যমন্ত্রীৰ সৈতে কেবিনেট মন্ত্রী ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে শপতগ্রহণ কৰে৷
শপতগ্রহণৰ পাছতে অহা ২১–২২ মে’ত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ দুদিনীয়াকৈ হ’বলগা এই অধিৱেশনতে নির্বাচিত বিধায়কসকলে শপতগ্রহণ কৰাৰ পাছত সম্প্রসাৰণ হ’ব মন্ত্রীসভাৰ৷
সেইমর্মে প্রথম পর্যায়ত ৭–১০গৰাকী মন্ত্রীয়ে শপতগ্রহণ কৰাৰ সম্ভাৱনা আছে৷ প্রথম পর্যায়ত সম্প্রসাৰণ হ’বলগা মন্ত্রীসভাত ৩–৪খন নতুন মুখে স্থান লাভৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বিৰোধীক বিধ্বস্ত কৰি সদ্যসমাপ্ত নির্বাচনত ১০২খন আসন জয়েৰে বিজেপি তথা এনডিএ লাভ কৰা বৃহৎ সাফল্যৰ পাছত এইবাৰ মন্ত্রীসভাত কোনে কোনে স্থান লাভ কৰিব, তাক লৈ যথেষ্ট চর্চা চলি আছিল যদিও সামাজিক মাধ্যমযোগে চাৰিগৰাকী মন্ত্রীয়ে শপত লোৱাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্রী ড০ শর্মাই৷
শপতগ্রহণ হৈ যোৱাৰ পাছত পৰৱর্তী মন্ত্রীসভা সম্প্রসাৰণ বিধায়কসকলে বিধানসভাত শপত লোৱাৰ পাছতহে কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে প্রথম পর্যায়ত হ’বলগা সম্প্রসাৰণত মন্ত্রীৰ সংখ্যা বৃদ্ধিৰো সম্ভাৱনা আছে৷
ডিজিটেল ডেস্ক, ১৩ মে’