গুৱাহাটীৰ কইনাধৰাত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি কয় যে “আমাৰ চৰকাৰে আজিৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে।”
মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনায় যে নতুন মন্ত্ৰীসকলৰ দপ্তৰ শীঘ্ৰেই ঘোষণা কৰা হ’ব। লগতে ২১, ২২, ২৫ আৰু ২৬ মে’ত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
কেবিনেটে ২৬ মে’ত বিধানসভাত Uniform Civil Code (UCC) উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত অনুসৰি জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ বাহিৰত ৰখা হ’ব। লগতে ধৰ্মীয় ৰীতি-নীতি সম্পূৰ্ণৰূপে ইউচিচিৰ পৰা বাহিৰত থাকিব।
ইউচিচিত মূলতঃ চাৰিটা বিষয় অন্তর্ভুক্ত হ’ব— বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ, সম্পত্তিৰ অধিকাৰ, লিভ-ইন সম্পৰ্ক আৰু বহুবিবাহ সম্পৰ্কীয় বিধান।
আগন্তুক ৫ বছৰত ২ লাখ চৰকাৰী চাকৰি সৃষ্টি কৰাৰ লক্ষ্যৰে মুখ্য সচিবৰ অধীনত বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। প্ৰতিটো বিভাগৰ সৈতে আলোচনা কৰি বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব।
ইফালে ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী সমাৰোহৰ সামৰণী অনুষ্ঠান ৮ ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। লগতে কলাক্ষেত্ৰত ৩২ কোটি টকা ব্যয়সাপেক্ষে ভূপেন হাজৰিকাৰ সংগ্ৰহালয় স্থাপন কৰা হ’ব, যাৰ ভিতৰত ১৩ কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে আগবঢ়াব।
কেবিনেটে নতুন মন্ত্ৰীসকলক ছয় মাহলৈ নতুন গাড়ী নিদিবলৈ সিদ্ধান্ত লৈছে। লগতে অহা ছয় মাহলৈ মন্ত্ৰী, বিষয়া আৰু কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব, কেৱল চিকিৎসাজনিত কাৰণতহে অনুমতি থাকিব। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয় বাহনৰ সংখ্যা হ্ৰাস কৰা হ’ব। ইয়াৰ জৰিয়তে ডিজেল আৰু পেট্ৰ’ল খৰচ কমোৱাৰ লক্ষ্য লোৱা হৈছে।
চৰকাৰে আগন্তুক ছয় মাহলৈ বিদেশী সামগ্ৰী ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে যাতে বৈদেশিক মুদ্ৰা সঞ্চয় কৰিব পৰা যায়। লগতে সকলো ধৰণৰ ছেমিনাৰ আৰু ৱৰ্কশ্বপ কেৱল ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আয়োজন কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
আনহাতে আগন্তুক পাঁচ বছৰৰ বাবে দেৱজিত শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে।
ডিজিটেল ডেস্ক, ১৩ মে’