চৰকাৰৰ নতুন নীতিৰ প্ৰভাৱত সোণ-ৰূপৰ মূল্য বৃদ্ধি
কেন্দ্ৰীয় চৰকাৰে সোণ আৰু ৰূপৰ ওপৰত আমদানি শুল্ক ৬ শতাংশৰ পৰা বৃদ্ধি কৰি ১৫ শতাংশ কৰাৰ পিছতেই দেশজুৰি বহুমূলীয়া ধাতুৰ মূল্যত তীব্ৰ বৃদ্ধি দেখা গৈছে। পশ্চিম এছিয়াৰ সংকটৰ মাজতে বহুমূলীয়া ধাতুৰ আমদানি হ্ৰাস কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
বুধবাৰে গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১,২৭৫ টকা বৃদ্ধি পাই ১৫,৩৯০ টকালৈ উন্নীত হয়। আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১,৩৯১ টকা বৃদ্ধি পাই ১৬,৭৮৯ টকাত উপনীত হয়। সামগ্ৰী ৰিটাৰ্ণছৰ তথ্য অনুসৰি দুপৰীয়ালৈকে এই মূল্যবৃদ্ধি ৰেকৰ্ড কৰা হৈছে।
ইফালে ৰূপৰ মূল্যতো ব্যাপক উত্থান লক্ষ্য কৰা গৈছে। বুধবাৰে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ২০ হাজাৰ টকা বৃদ্ধি পাই ৩,১০,০০০ টকালৈ বৃদ্ধি পায়।
বিশেষজ্ঞসকলৰ মতে, ভাৰতত অধিকাংশ সোণ বিদেশৰ পৰা আমদানি কৰা হয়। সেয়েহে আমদানি শুল্ক বৃদ্ধিৰ ফলত দেশলৈ সোণ অনাৰ ব্যয় বৃদ্ধি পাব আৰু তাৰ প্ৰভাৱ ঘৰুৱা বজাৰত অধিক মূল্যবৃদ্ধি হিচাপে পৰিলক্ষিত হ’ব।
অল ইণ্ডিয়া জেমছ এণ্ড জুৱেলাৰী কাউন্সিলৰ অধ্যক্ষই সংবাদ সংস্থা PTIক জনোৱা মতে, “প্ৰধানমন্ত্ৰীৰ মিতব্যয়িতা অভিযান আৰু আমদানি শুল্ক বৃদ্ধিৰ ফলত ব্যৱসায় আগন্তুক দিনত অধিক কঠিন হৈ পৰিব।”
ইতিমধ্যে বজাৰত নগদ ধনৰ সংকটৰ ফলত সোণৰ বিক্ৰী যথেষ্ট হ্ৰাস পোৱা বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে।
উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সোণৰ অপ্ৰয়োজনীয় ক্ৰয় পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিল। লগতে ইন্ধন সঞ্চয়, ৰাজহুৱা পৰিবহণ ব্যৱহাৰ আৰু বিদেশ ভ্ৰমণ সীমিত কৰাৰ পৰামৰ্শও দিছিল।
ইফালে, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যো নতুন নিম্নস্তৰত উপনীত হৈছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ১৩ মে’