শপতগ্ৰহণ অনুষ্ঠানৰ পিছতে কালি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল অসমৰ নৱনিৰ্বাচিত নতুন চৰকাৰৰ। বৈঠকত সভাপতিত্ব কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি শপত লোৱা ৪ মন্ত্ৰী দপ্তৰ বিতৰণ কৰা হয়। দপ্তৰ বিতৰণত কৰ্তন হল অজন্তা নেওগৰ বিত্ত বিভাগ। আজি বিতৰণ কৰা দপ্তৰসমূহ মন্ত্ৰী অনুযায়ী এনেধৰণৰ-
অতুল বৰা : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, অসম চুক্তি ৰূপায়ন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন
চৰণ বড়ো : পৰিবহণ, বড়োলেণ্ড উন্নয়ন
অজন্তা নেওগ : পৰ্যটন, মহিলা আৰু শিশু বিকাশ
ৰামেশ্বৰ তেলী : শ্ৰমিক কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন, চাহ আৰু জনজাতি উন্নয়ন
ডিজিটেল ডেস্ক, ১৪ মে’