হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিলৰ আইৰনমেন চেলেঞ্জত ঐতিহাসিক সফলতা
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুত্ৰ নন্দিলৰ সফলতাক প্ৰশংসা কৰিছে, যিয়ে ১০ মে’ত ভিয়েটনামত অনুষ্ঠিত কঠিন আইৰনমেন ভিয়েটনাম চেলেঞ্জ সফলভাৱে সম্পূৰ্ণ কৰিছে।
মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰি নিজৰ পুত্ৰ নন্দিলৰ এই সাফল্যত গৰ্ব প্ৰকাশ কৰে। নন্দিলে ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল চলোৱা আৰু ৪২.২ কিলোমিটাৰ মাৰাথন দৌৰ— এই তিনিটা কঠিন পৰীক্ষা প্ৰায় ১৬ ঘণ্টাত সম্পূৰ্ণ কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে এজন পিতৃ হিচাপে পুত্ৰৰ এই সফলতাই তেওঁক “অসীম গৰ্বেৰে ভৰাই তোলে”, কাৰণ তেওঁৰ শৃংখলা, দৃঢ়তা আৰু অধ্যৱসায় অত্যন্ত প্ৰশংসনীয়।
তেওঁ লগতে উল্লেখ কৰে যে এই চেলেঞ্জটো “বিশ্বৰ আটাইতকৈ কঠিন সহনশীলতা প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম।” নন্দিলে যি বৰ্তমান বেংগালুৰুৰ National Law School of India University-ত পঞ্চম বৰ্ষত অধ্যয়ন কৰি আছে, মাত্ৰ ৭–৮ মাহৰ প্ৰস্তুতিৰ পিছতেই এই কঠিন প্ৰতিযোগিতাত অংশ লৈ সফল হয়।
মুখ্যমন্ত্ৰীয়ে শেষত কয়, “মই তেওঁৰ আগন্তুক যাত্ৰাৰ বাবে আৰু জীৱনৰ অধিক সাফল্যৰ বাবে শুভেচ্ছা জনাইছোঁ।”
The Ironman is widely regarded as one of the toughest endurance events in the world. It is a grueling single-day test of stamina and determination. Participants must complete a 3.8 km swim, a 180 km cycling ride, and a full 42.2 km marathon, all back to back.
On 10 May, my son… pic.twitter.com/qAxp4R8rVe
— Himanta Biswa Sarma (@himantabiswa) May 14, 2026
ডিজিটেল ডেস্ক, ১৪ মে’