নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ সমগ্ৰ বিশ্বত দেখা দিয়া ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে বিশ্ব তথা দেশবাসীক আতংকিত কৰাৰ লগে লগে ৰাজ্য সমূহ ইয়াৰ বাবে তৎপৰ হৈ উঠিছে। দেশৰ লগতে অসমতো অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত স্বাস্থ্য বিভাগে ব্যপক তৎপৰতা আৰম্ভ কৰিছে । লক ডাউনৰ পৰিপেক্ষিতত বিত্তীয় দিশ টনকিয়াল কৰা স্বাৰ্থত তথা মহামাৰী ক’ৰোনাৰ বিপক্ষে হোৱ যুদ্ধ খনত যুঁজিবলৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক অসম আৰোগ্য নিধিত বৰঙনি দিবলৈ আহ্বান জনাইছিল । বৰ্তমানে অসমৰ ৰাইজেও আকুণ্ঠ সঁহাৰি দিয়া পৰিলক্ষিত হৈছে । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বেজেৰা আঞ্চলিক পঞ্চায়তৰ অধীনৰ সাত খন গাঁও পঞ্চায়তৰ বেজেৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তথা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ বাহিৰে আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী তথা ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ আঞ্চলিক সদস্য মৰমী বড়ো, আগডলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মনোজ কাকতি, শৰাইঘাট পঞ্চায়তৰ আঞ্চলিক সদস্য ৰুনুমণি বেগম, ধোপাতাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য জীতেন লহকৰ, মান্দাকাটা পঞ্চায়তৰ আঞ্চলিক সদস্য বীৰেন বৈশ্য আৰু লাচিতগড় পঞ্চায়তৰ আঞ্চলিক সদস্য তৰালী দাসে এক মাহৰ মাননি স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত চেকযোগে অৰ্পণ কৰে । ইয়াৰ লগতে আগডলা পঞ্চায়তৰ আঞ্চলিক সদস্য মনোজ কাকতিৰ পত্নী তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেঞ্চাৰ হাস্পতালৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী অনুপমা কাকতিয়ে নগদ ১০০০০/ (দহ হাজাৰ) টকা ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেকযোগে অৰ্পণ কৰে ।