জুবিন গাৰ্গৰ মৃত্যু কাণ্ডক লৈ চলি থকা গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই শুনানিৰ পৰা নিজকে পৃথক কৰাৰ পিছত বিষয়টো ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠলৈ স্থানান্তৰ কৰা হৈছিল।
উল্লেখযোগ্য যে ১৩ মে’ত ধাৰ্য কৰা শুনানি পিছত স্থগিত হৈ গৈছিল আৰু আজি পুনৰ শুনানি অনুষ্ঠিত হয়। অৱশ্যে বিভিন্ন প্ৰক্ৰিয়াগত কাৰণত আজি শুনানি সম্পূৰ্ণ নহ’ল।
ন্যায়ালয়ে চৰকাৰী পক্ষক গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে, অভিযুক্ত পক্ষৰ অধিবক্তাই অতিৰিক্ত শপতনামা দাখিল কৰিবলগীয়া আছে বুলি জানিবলৈ দিছে। আদালতে সেই নথি ১৮ মে’ৰ ভিতৰত দাখিল কৰিবলৈ অনুমতি প্ৰদান কৰিছে।
এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আদালতে পৰৱৰ্তী শুনানিৰ তাৰিখ ২২ মে’ত ধাৰ্য কৰিছে।
ডিজিটেল ডেস্ক, ১৫ মে’