ডিজিটেল ডেস্ক, ১৫ মে’ : NEET পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে আগন্তুক বছৰৰ পৰা সম্পূৰ্ণ সলনি হ’ব পৰীক্ষা পদ্ধতি। বহী-কলমৰ পৰিৱৰ্তে এতিয়াৰ পৰা কম্পিউটাৰ বেছড টেষ্ট (চিবিটি) পদ্ধতিত অনুষ্ঠিত হ’ব চিকিৎসা শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষা। NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে। তেওঁ জনায় যে ২০২৭ চনৰ পৰা NEET পৰীক্ষা অনলাইন পদ্ধতিত অনুষ্ঠিত হ’ব। প্ৰশ্নকাকত ফাদিলৰ ঘটনা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰে।
NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পাছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মুখ খোলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে। তেওঁ স্পষ্টভাৱে কয় যে যিসকল অসাধু চক্ৰই বাৰে বাৰে প্ৰশ্নকাকত ফাদিল কৰি আহিছে, তেওঁলোকৰ বিৰুদ্ধে “জিৰো ট’লাৰেন্স” নীতি গ্ৰহণ কৰা হ’ব। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও তেওঁ উল্লেখ কৰে।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে আৰু কয় যে NEETৰ দৰে কঠিন পৰীক্ষা বাৰে বাৰে দিবলগীয়া হোৱাটো পৰীক্ষাৰ্থীৰ বাবে শাৰীৰিক আৰু মানসিক হাৰাশাস্তিৰ সমান। সেয়েহে আগন্তুক সময়ত যাতে প্ৰশ্নকাকত ফাদিল সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যায়, তাৰ বাবে NEET পৰীক্ষাৰ পদ্ধতি সম্পূৰ্ণ অনলাইন পদ্ধতিত কৰা হ’ব।
ইতিমধ্যে শেহতীয়া NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে চিবিআয়ে। এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে।