IPL-2026-ত প্লে’অফত স্থান নিশ্চিত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ
তিনিখন মেচত ধাৰাবাহিক বিজয়েৰে পইণ্ট তালিকাৰ শীর্ষত উপনীত হোৱা ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্লেফৰ স্থানো নিগাজি কৰে৷ আইপিএলৰ এখন গুৰুত্বপূর্ণ মেচত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে পঞ্জাব কিংছক ২৩ ৰানৰ ব্যৱধানত পৰাস্ত কৰে৷
প্রথমে বেটিং কৰি বেংগালুৰুৱে বিৰাট কোহলিৰ ৫৮, দেৱদত্ত পাড়িকালৰ ৪৫ আৰু ভেংকটেশ আয়াৰৰ বিস্ফোৰক ৭৩ ৰানৰ সহায়ত নির্ধাৰিত ২০ অভাৰত ৪টা উইকেটৰ বিনিময়ত ২২২ ৰান কৰে৷ প্রত্যুত্তৰত পঞ্জাব কিংছে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৯ ৰানতে ইনিংছ সামৰাত পৰাজয়বৰণ কৰে৷
দলটোৰ এয়া ক্রমাগত পাঁচখন মেচত পৰাজয়৷ আইপিএলৰ আৰম্ভণিতে চমকপ্রদ প্রদর্শন কৰা পঞ্জাবে ১৩খন মেচৰ ৬খনত জয়ী হৈ চতুর্থ স্থানত আছে যদিও ধাৰাবাহিক পৰাজয়ে প্লেফৰ সম্ভাৱনাও লাহে লাহে ধূসৰ কৰি তুলিছে৷
খেলখনত বিস্ফোৰক বেটছমেন প্রিয়াংশ আর্য, প্রভসিমৰণ আৰু অধিনায়ক শ্রেয়াছ আয়াৰৰ ব্যর্থতাই পঞ্জাবৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি বিবেচিত হৈছে৷ দলটোৰ হৈ শশাংক সিঙে সর্বাধিক ৫৬ ৰানৰ ইনিংছ খেলি জয়ৰ দিশে দলটোক আগুৱাই নিছিল যদিও ২৩ ৰানত পৰাজয়বৰণ কৰিবলগীয়া হয়৷ খেলৰ শ্রেষ্ঠ হিচাপে বিবেচিত হয় ভেংকটেশ আয়াৰ৷
ডিজিটেল ডেস্ক, ১৮ মে’