নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন বৃদ্ধি হ’লেই ৰাজপাট খহিব হাগ্ৰামা মহিলাৰীৰ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিটিচি নিৰ্বাচনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে । ৰাজ্যিক নিৰ্বাচন আয়োগে বিটিচি নিৰ্বাচনৰ দিন ৪ এপ্ৰিল ধাৰ্য কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত ক’ভিড-১৯ ক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে আয়োগে সাময়িকভাৱে নিৰ্বাচনৰ দিন স্থগিত ৰাখে । পিছে শেহতীয়াকৈ ৰাজ্যখনত এজন দুজনকৈ মুঠ ২৯ জন লোক ক’ভিড-১৯ ত সংক্ৰমিত হোৱাৰ লগতে বহু লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে । এতিয়াও ক’ভিড-১৯ ত সংক্ৰমিত হোৱা লোককেইজনৰ সংস্পৰ্শলৈ অহা বিভিন্ন স্থানৰ বহুজনৰ নমুনা সংগ্ৰহ কৰি থকা হৈছে । তদুপৰি ১৪ এপ্ৰিলত ২১ দিনীয়া লকডাউনৰ সামৰণি পৰিব যদিও পৰিস্থিতিৰ জটিলতালৈ চাই পুনৰ লকডাউন বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । লকডাউনৰ সময় বৃদ্ধি হ’লেই স্বাভাৱিকতে সদ্যহতে বিটিচি নিৰ্বাচন অনুষ্ঠিত নোহোৱাটো একপ্ৰকাৰ স্পষ্ট । লকডাউনৰ ম্যাদ কেতিয়া সম্পূৰ্ণ হয় বা স্বাভাৱিক জীৱনযাত্ৰাৰ পৰিৱেশ কেতিয়া ঘূৰি আহে , তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কেতিয়াকৈ বিটিচি নিৰ্বাচন অনুষ্ঠিত হ’ব , সেয়া চৰম অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰিছে । মন কৰিবলগীয়া এয়ে যে বৰ্তমানৰ বিটিচি চৰকাৰৰ কাৰ্যকাল অহা ২৭ এপ্ৰিলত সমাপ্ত হ’ব । এনে অৱস্থাত ২৭ এপ্ৰিলৰ পিছত বিটিচিৰ ক্ষমতা ৰাজ্যপালৰ হাতলৈ যাব নে ৰাজ্যপালে বৰ্তমানৰ পৰিষদকে নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত দায়িত্বভাৰ চলাই যোৱাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিব , তাক লৈ বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে । ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ইতিমধ্যে ২৭ এপ্ৰিলৰ পাচত বিটিচিৰ শাসনৰ দায়িত্ব ৰাজ্যপালৰ হাতলৈ নিয়াৰ পোষকতা কৰিছে । সেইদৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়ায়ো একে দাবী উত্থাপন কৰি এই সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰিছে । ইপিনে ২৭ এপ্ৰিলৰ পিছত বিটিচিৰ ক্ষমতাক কেন্দ্ৰ কৰি উদ্ভৱ হ’ব পৰা পৰিস্থিতি সম্পৰ্কত বিপিএফৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মই বুধবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে এখন বৈঠকত মিলিত হয় ।

You might also like