নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰৰ পিছত ইতিহাস সৃষ্টি! পুনৰ IPL-ৰ শীৰ্ষস্থানত RCB

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (Royal Challengers Bengaluru)এ যোৱা বৰ্ষত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত নিজৰ প্ৰথমটো খিতাপ জয় কৰিছিল। যদিও সেই ছিজনত দলটো পইণ্ট তালিকাৰ শীৰ্ষত নাছিল, বৰঞ্চ দ্বিতীয় স্থানত আছিল। কিন্তু ১৫ বছৰৰ পিছত এইবাৰ পুনৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে আৰচিবিয়ে। দলটোৱে ১৮ পইণ্ট আৰু +০.৭৮৩ নেট ৰান ৰেটসহ শীৰ্ষস্থান নিশ্চিত কৰিছে।

ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে ২০১১ চনত RCB-এ টেবল টপাৰ হৈছিল। সেইবাৰ ডেনিয়েল ভেট্টৰীৰ নেতৃত্বত দলটো ফাইনেললৈ উঠিছিল যদিও চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত হৈছিল। তাৰ আগতে ২০০৯ চনতো আৰচিবি ফাইনেললৈ গৈছিল, কিন্তু ডেক্কান চাৰ্জাৰ্ছৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিছিল।

আইপিএলৰ ইতিহাসত মাত্ৰ দুবাৰহে RCB টেবল টপাৰ হৈছে। প্ৰথমবাৰ ২০১১ চনত ডেনিয়েল ভেট্টৰীৰ অধিনায়কত্বত আৰু দ্বিতীয়বাৰ চলিত বৰ্ষত ৰজত পাটিদাৰৰ নেতৃত্বত এই কৃতিত্ব লাভ কৰে দলটোৱে।

২০১৬ আৰু ২০২৫ চনত দলটো পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছিল। ২০১৬ চনত আৰচিবি ফাইনেললৈ উঠিছিল যদিও ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈছিল। আনহাতে ২০২৫ চনত দলটোৱে ফাইনেলত পঞ্জাব কিংছক পৰাস্ত কৰি ১৮ বছৰৰ অপেক্ষাৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে আইপিএল খিতাপ দখল কৰিছিল।

ডিজিটেল ডেস্ক, ২৩ মে’

You might also like