নগাঁৱত শিপা : দ্যা ৰুট”ৰ আত্মপ্ৰকাশ
সাম্প্ৰতিক প্ৰতিদ্বন্দিতাৰ পৃথিৱীখনত আনৰ লগত ফেৰ মাৰিবলৈ গৈ বহুতেই নিজৰ আত্ম পৰিচয় হেৰুৱাই পেলাইছে। মানুহে আধুনিক জীৱন যাত্ৰাত বিলীন হ’বলৈ গৈ শিপাৰ লগত সম্বন্ধ ছেদ কৰাৰ ফলত বিশ্বৰ বহু জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতি পৰিচয় বিহীন হোৱাৰ দিশে গতি কৰিছে।
এনেকুৱা এক সদয়তে আমাৰ সাম্প্ৰতিক সমাজখনক নিজৰ ভাষা, সংস্কৃতি, সাহিত্য চৰ্চাৰে চহকী আৰু গতিশীল কৰি ৰাখিব পৰাকৈ নগাঁৱৰ শৈক্ষিক,বৌদ্ধিক,সাংস্কৃতিক আৰু সংবাদ জগতৰে জড়িত কেইগৰাকীমান ব্যক্তিয়ে গ্ৰহণ কৰিছে এক আশাব্যঞ্জক পদক্ষেপ৷
তেওঁলোকে আমাৰ প্ৰতিটো প্ৰজন্মক উদ্বুদ্ধ কৰিব পৰাকৈ ‘ শিপা’ নামেৰে এটি স্বেচ্ছাসেৱী অনুষ্ঠান গঠনৰ পৰিকল্পনাৰে ২৪ মে’ত নগাঁও সাহিত্য সভা ভৱনত এখন সভা অনুষ্ঠিত কৰে। অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰচুৰ অধ্যয়নশীল ব্যক্তি তথা সুবক্তা মোহিনী মোহন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট সমাজ সংগঠক ব্ৰজেন কাকতিয়ে।
গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বোধেন কুমাৰ শইকীয়াই সভাত অংশ গ্ৰহণ কৰি ভাষণৰত কয় যে “বৰ্তমান জাতীয়তাবোধ আৰু অস্তিত্বৰ সংকটত ভোগা অসমীয়া জাতিৰ বাবে শিপাৰ সন্ধান হ’ব আমাৰ আত্মানুসন্ধানৰ প্ৰথম ঢাপ। শিশু, কিশোৰ, যুৱক, প্ৰৌঢ়, বৃদ্ধ প্ৰতিটো প্ৰজন্মৰ বাবেই কৰিবলগীয়া অশেষ কাম আছে।
শিক্ষা, সংস্কৃতি, অৰ্থনৈতিক, সমাজিক প্ৰতিটো ক্ষেত্ৰতেই আমি অত্যন্ত সচেতন হৈ শিপাৰ পৰা সমাজখন তুলি ধৰিবলৈ প্ৰচেষ্টা চলাব লাগিব। এয়া আমাৰ বাবে সন্ধিক্ষণৰ সময়, জাতিটো উজ্জীৱিত কৰিবলৈ আমি অতি সচেতন ভাবে আগবাঢ়িব লাগিব।
শিপাৰ প্ৰতি সচেতন হোৱাটো বৰ্তমান সময়ৰ পবিত্ৰ কৰ্তব্য। যদি এয়া নহয়, জাতিৰ অস্তিত্ব কিন্তু সংকটত।” সভাখনত ভাষণ প্ৰদান কৰি জ্যেষ্ঠ সাংবাদিক, লেখক শৈলেন শইকীয়াই কয়, “শিপাৰ সন্ধান কৰোতে আমি এটা বিষয় দৃষ্টি ৰাখিব লাগিব।
সেইয়া হৈছে সময়ৰ পৰিৱৰ্তন। আমি ঐতিহ্য, পৰম্পৰাকো ধৰি ৰাখিব লাগিব আৰু পৰিৱৰ্তনশীল সময়ৰ লগতো মিলি খোজ আগবঢ়াব লাগিব।”
সভাপতিৰ ভাষণত অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সুবক্তা মোহিনী মোহন ডেকাই কয়, ” শিপাৰ সৈতে সম্পৃক্ত হৈ ইতিবাচক পৰিৱৰ্তনৰ জৰিয়তে সমাজৰ উত্তৰণৰ হকে কাম কৰি যোৱাটোৱেই আমাৰ লক্ষ্য হব। শিক্ষা, সংস্কৃতি, সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে কাম কৰিব লাগিব। নতুন প্ৰজন্মক সজাগ কৰি জাতীয় জীৱন সমৃদ্ধ কৰাৰ সংগ্ৰাম গঢ়ি তুলিব লাগিব।”
অন্যহাতেদি উদ্দেশ্য বাখ্যাত সভাখনৰ অন্যতম আহ্বায়ক তথা বিশিষ্ট সমাজকৰ্মী ব্ৰজেন কাকতিয়ে নৱপ্ৰজন্মক শিপাৰ লগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰেই এই স্বেচ্ছাসেৱী সংগঠনটো খোলাৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰা বুলি মন্তব্য কৰে।
সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বোধেন চন্দ্ৰ বৰা, সাংবাদিক চন্দনজ্যোতি বৰা আদিয়েও ভাষন প্ৰদান কৰে। সভাখনতে “শিপাঃ দ্যা ৰুট” নামৰ স্বেচ্ছাসেৱী সংগঠনটো গঠন কৰা হয়। সেই অনুযায়ী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বোধেন কুমাৰ শইকীয়াক মুখ্য উপদেষ্টা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বোধেন চন্দ্ৰ বৰাক উপদেষ্টা, অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাক সভাপতি, বিশিষ্ট সমাজসেৱী ব্ৰজেন কাকতিক কাৰ্যকৰী সভাপতি, উপ-সভাপতি ক্ৰমে জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ শৈলেন শইকীয়া, সাংবাদিক চন্দনজ্যোতি বৰা, মানস শইকীয়া; সাধাৰণ সম্পাদক প্ৰবীণ চন্দ্ৰ দাস, যুটীয়া সম্পাদক কুকী কাকতি, দিব্যজিৎ ঘোষ, ডাঃ জয়শ্ৰী পাঠক, বিত্ত সম্পাদক সুশীল কুমাৰ খাউণ্ড, কাৰ্যকৰী সদস্য পৱিত্ৰ শইকীয়া, পূৰ্বজ্যোতি শইকীয়া, লুইত শইকীয়া, অৰুণিমা দাস, অঞ্জু তামুলী, জয়ন্ত বৰুৱা, গৌতম কুমাৰ বৰা, ধিৰাজ শইকীয়া, ৰন্টু মণি শইকীয়া, বাস্তৱ শইকীয়া, ৰিজু কটকী, ৰাণা শইকীয়া, ৰতন হীৰাকলৈ এখন সমিতি গঠন কৰা হয়। নব গঠিত সমিতিখনে প্ৰথমটো অনুষ্ঠান হিচাপে অহা ৫ জুনত ৰাইডঙীয়াত পৰিবেশ দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।
নিয়মীয়া বাৰ্তা, বেবেজীয়া, ২৬ মে’