ধেমাজি জিলাৰ চিচিবৰগাঁৱত উদ্ধাৰ হৈছে এটা উট। প্ৰাপ্ত তথ্য অনুসৰি চিচিবৰগাঁও আৰক্ষীয়ে জব্দ কৰিছে উটটো। ইফালে আৰক্ষীয়ে জব্দ কৰা উটটোৰ বিগত বহু দিন ধৰি উপযুক্ত খাদ্যৰ অভাৱ আৰু শাৰীৰিক অৱস্থা অতি দুৰ্বল যেন অনুমান হয়।
জানিব পৰা মতে কাইলৈ হ’বলগীয়া ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উদ-জোহাত কোৰবানি দিবলৈ আনি থোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত গেলুৱা তিনিআলিৰ খান নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় উটটো। এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য।
জানিব পৰা অনুসৰি চিলাপথাৰ আৰক্ষীৰ সহযোগত “The Earth For Everyone” আৰু “Ashray Care and Welfare Foundation” নামৰ এন জি অ’ৰ সদস্যসকলে অভিযান চলাই উটটো উদ্ধাৰ কৰে।
গেলুৱাৰ খান নামৰ লোকজনে খাৰুপেটিয়াৰ পৰা উটটো কিনি আনি কোৰবানীৰ উদ্দেশ্য নিজৰ ঘৰত ৰাখিছিল উটটো। ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
নিয়মীয়া বাৰ্তা, চিচিবৰগাঁও, ২৭ মে’