অন্ধ্ৰপ্ৰদেশৰ শাসকীয় তেলুগু দেশম পাৰ্টী (TDP)-এ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চন্দ্ৰবাবু নাইডুৰ দলে ৰাজ্যত আগন্তুক সকলো নিৰ্বাচনত মহিলাসকলক ৩৩ শতাংশ আসনত সংৰক্ষণ দিয়াৰ সংকল্প গ্ৰহণ কৰিছে।
মহিলাসকলক টিকট বিতৰণত ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰস্তাৱ TDPৰ কাৰ্যকৰী সভাপতি নাৰা লোকেশে মহানাডু অধিৱেশনত উত্থাপন কৰে। লোকেশে কয় যে বিৰোধী দলসমূহে সংসদ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল, কিন্তু তেলুগু দেশম পাৰ্টীয়ে বিধেয়কৰ উপৰি মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ ঐতিহাসিক সিদ্ধান্ত লৈছে।
তেওঁ ঘোষণা কৰে যে ২০২৯ চনৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত TDPয়ে ৩৩ শতাংশ আসনত মহিলাসকলক সংৰক্ষণ দিব। তেওঁ কয়, দেশত মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী হওক বা নহওক, TDP নিজৰ সিদ্ধান্তত অটল থাকিব।
TDPৰ মহানাডু কনক্লেভত ঐতিহাসিক প্ৰস্তাৱ দাখিল কৰি লোকেশে কয় যে এই প্ৰতিশ্ৰুতি কেৱল এটা শ্লোগান নহয়, ভাৰতৰ ভৱিষ্যতৰ বাবে এক দায়িত্ব আৰু অংগীকাৰ। তেওঁ কয়, “আমাক অধিক মহিলা বিধায়ক-সাংসদ, অধিক মহিলা নেতা আৰু অধিক মহিলা নীতি নিৰ্ধাৰকৰ প্ৰয়োজন। মহিলাসকলে TDPৰ ভৱিষ্যৎ গঢ়াত কঁকালত কঁকাল মিলাই আগবাঢ়িব। এইটো আমাৰ সংকল্প, আমাৰ দায়িত্ব আৰু আমাৰ প্ৰতিশ্ৰুতি।”
নাৰা লোকেশে বিৰোধী দলসমূহৰ ওপৰত সংসদত মহিলা সংৰক্ষণ বিধেয়কত বাধা সৃষ্টি কৰা আৰু বাস্তৱত মহিলা সশক্তিকৰণক সমৰ্থন নকৰাৰ অভিযোগ তোলে। তেওঁ কয়, বহু দলে নিৰ্বাচনৰ সময়ত সশক্তিকৰণৰ কথা কয় যদিও ক্ষমতালৈ অহাৰ পাছত মহিলাসকলক পাহৰি যায়। কিন্তু TDPয়ে সদায় নীতি আৰু কাৰ্য দুয়োটাতেই মহিলা সশক্তিকৰণক গুৰুত্ব দিছে।
তেওঁ কয় যে ভাৰতীয় ৰাজনীতিৰ পৰৱৰ্তী অধ্যায় মহিলা নেতৃত্বৰ হ’ব লাগে। NDA চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক আনি এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে। লোকেশে কয়, মহিলাসকল কেৱল কল্যাণমূলক আঁচনিৰ সুবিধাভোগী হৈ থাকিব নালাগে, তেওঁলোক শাসন আৰু ৰাজনীতিত সিদ্ধান্ত লোৱা ভূমিকাত আগবাঢ়ি আহিব লাগে।
TDPৰ প্ৰতিষ্ঠাপক এন টি ৰামা ৰাও আৰু মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক মহিলা সশক্তিকৰণৰ অগ্ৰণী ব্যক্তি বুলি উল্লেখ কৰি লোকেশে স্মৰণ কৰায় যে NTRয়ে মহিলাসকলৰ বাবে সম্পত্তিত সম অধিকাৰ, স্থানীয় সংস্থাসমূহত সংৰক্ষণ আৰু পদ্মাৱতী বিশ্ববিদ্যালয় স্থাপন কৰিছিল।
তেওঁ লগতে কয় যে পিছত চন্দ্ৰবাবু নাইডুৱে শিক্ষা আৰু চাকৰিত ৩৩ শতাংশ সংৰক্ষণ, DWCRA গোট আৰু দীপম আঁচনিৰ দৰে কল্যাণমূলক পদক্ষেপৰ জৰিয়তে মহিলা সশক্তিকৰণক অধিক শক্তিশালী কৰে।
২০২৪ চনৰ অন্ধ্ৰপ্ৰদেশ নিৰ্বাচনত NDA জোঁটৰ জয়ৰ কৃতিত্বক লৈ লোকেশে কয় যে TDP নেতৃত্বাধীন জোঁটে ১৬৪খন আসন জয়লাভ কৰি ৯৪ শতাংশৰ অভিলেখযোগ্য ষ্ট্ৰাইক ৰেট লাভ কৰিছিল। তেওঁ দাবী কৰে যে আৰ্থিক সংকটৰ মাজতো চৰকাৰে বৃদ্ধ পেন্সন, বিনামূলীয়া গেছ চিলিণ্ডাৰ, শিক্ষক নিযুক্তি, চাকৰি কেলেণ্ডাৰ আৰু কৃষক, মাছমৰীয়া আৰু তাঁতীসকলৰ বাবে বিভিন্ন সহায়মূলক আঁচনি ৰূপায়ণ কৰি আছে।
ডিজিটেল ডেস্ক, ২৭ মে’