- পুৱতিনিশা উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তীব্ৰবেগী ট্ৰাক আৰু স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষ।
- দুৰ্ঘটনাটোত মালিগাঁৱৰ তিনিজন লোক নিহত।
- তিনিওজন মালিগাঁৱৰ জনপ্ৰিয় লোক আছিল।
- নিহতসকলৰ দুজন ঘটনাস্থলীত, আনজনৰ আমিনগাঁও পাটনা হাস্পতালত মৃত্যু হয়।
- নিহতসকল মালিগাঁও গোশালাৰ কৰুণা বেজবৰুৱা, ৰঞ্জিত দে আৰু পাৰ্থপ্ৰতিম বৰ্মন।
- নিহত আটাইকেইজন স্কৰপিঅ’খনত আছিল।
- দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 DC 3141 আৰু স্কৰপিঅ’খনৰ নম্বৰ হৈছে AS 01 GP 9940।
ডিজিটেল ডেস্ক, ২৮ মে’