নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদৰ নিশা বৰাগাঁৱত গৰু ক*টাৰ অভিযোগ, তীব্ৰ চাঞ্চল্য

ঈদৰ দিনা নিশা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গৰু কটাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মহানগৰীৰ বৰাগাঁও অঞ্চলত।

বৰাগাঁৱৰ চন্দন গগৈ পথত সংঘটিত এই ঘটনাই ক্ষোভিত কৰি তুলিছে স্থানীয় বাসিন্দাসকলক। স্থানীয় লোকৰ অভিযোগ অনুসৰি, কাষতে বহু হিন্দু ধৰ্মাৱলম্বী অসমীয়া পৰিয়াল বসবাস কৰি থকাৰ পিছতো কেনেকৈ এনে ঘটনা সংঘটিত হ’ব পাৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় গড়চুক আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে গৰুৰ মাংস, মুণ্ড আৰু হাড়। ঘটনাৰ পিছতেই অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ইতিমধ্যে আৰক্ষীয়ে মুছলিম উদ্দীন, আফজাল আলী, মতিউৰ ৰহমান, হাৰেজ আলী আৰু মইনুল হকক আটক কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এতিয়াও তীব্ৰ চাঞ্চল্য বিৰাজ কৰি আছে।

ডিজিটেল ডেস্ক, ২৯ মে’

You might also like