হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম থানাৰ অন্তৰ্গত চিপৰচাঙান গাঁৱত বৃহস্পতিবাৰে সংঘটিত এক দুখজনক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ফুটবল খেলি থকা সময়ত পানীত পৰা বল আনিবলৈ গৈ পানীত ডুবি মৃত্যু হয় দুই স্কুলীয়া ছাত্ৰৰ।
মৃত ছাত্ৰ দুজনক অনুপম সিংহ আৰু অভিনৱ সিংহ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, দুয়ো বন্ধু লগত ফুটবল খেলি থকা সময়তে বল এটা ওচৰৰ পানীত পৰে। বলটো আনিবলৈ যাওঁতেই অসাৱধানতাবশতঃ দুয়ো পানীত ডুব যায়।
ঘটনাৰ খবৰ লাভ কৰিয়েই স্থানীয় লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অভিযান আৰম্ভ কৰে। পিছত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
অনুপম সিংহ পাঁচগ্ৰাম কেমব্ৰিজ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। আনহাতে অভিনৱ সিংহই জৱাহৰ নৱোদয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছিল।
এই হৃদয়বিদাৰক ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২৯ মে’