নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালৰ বিশ্ব অভিলেখ, টি-২০ ক্রিকেটত দুবাৰকৈ ৩০০তকৈ অধিক ৰান সংগ্রহেৰে বিৰল কৃতিত্ব

ডিজিটেল ডেস্ক, ১ জুন : আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেটত এক অভূতপূর্ব ইতিহাস ৰচনা কৰিলে নেপালে৷ বিশ্বৰ প্রথমটো দল হিচাপে টি–২০ ফর্মেটত দুবাৰকৈ ৩০০তকৈ অধিক ৰান সংগ্রহ কৰাৰ এক বিৰল বিশ্ব অভিলেখ গঢ়িছে ‘দ্য ৰাইন’ছ’ খ্যাত নেপাল দলে৷

ছিংগাপুৰত অনুষ্ঠিত এছিয়ান গেমছৰ যোগ্যতা অর্জনৰ এখন মেচত চীনৰ বিৰুদ্ধে মাত্র ২টা উইকেট হেৰুৱাই ৩১৩ ৰানৰ এক বিশাল স্ক’ৰ সংগ্রহেৰে নেপালে এই নজিৰ সৃষ্টি কৰে৷ ইয়াৰ পূর্বে ২০২৩ চনৰ ছেপ্টেম্বৰত মংগোলিয়াৰ বিৰুদ্ধে নেপালে ৩১৪ ৰান সংগ্রহ কৰিছিল৷ ইয়াৰ লগে লগে আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেটত একাধিকবাৰ ৩০০ ৰানৰ সীমা অতিক্রম কৰা বিশ্বৰ একমাত্র দল হিচাপে নেপালে নিজৰ এক সুকীয়া নজিৰ স্থাপন কৰে৷

ইফালে, দেওবাৰে নেপালে সংগ্রহ কৰা ৩১৩ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি চীনৰ দলটো ১৯.২ অভাৰত মাত্র ৯২ ৰানতে অলআডট হয়৷ ফলত নেপালে ২২১ ৰানৰ এক বিশাল ব্যৱধানত জয়লাভ কৰে৷ আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেটৰ ইতিহাসত ইমান ৰানৰ ব্যৱধানত এয়া সপ্তম সর্ববৃহৎ জয়৷ নেপালৰ হৈ দেওবাৰে কুশল ভুর্তেলে মাত্র ৪৩টা বলত ১২৯ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে৷ তদুপৰি কুশল মল্লাই অপৰাজিত ৮৫ ৰান আৰু অধিনায়ক ৰোহিত পৌড়েলে মাত্র ২১টা বলত অপৰাজিত ৬৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷

কেৱল বেটিঙতেই নহয়, বলিঙতো কুশল মল্লাই চমকপ্রদ প্রদর্শন কৰে৷ তেওঁ এটাও ৰান নিদিয়াকৈ ৩টাকৈ উইকেট দখল কৰি চীনৰ বেটিং লাইনআপ ধূলিসাৎ কৰে৷ চীনৰ হৈ শেনজিয়ান ঝেঙে সর্বাধিক ৩১ ৰান কৰে৷ উল্লেখ্য যে এই ফর্মেটত এবাৰকৈ ৩০০ বা তাতকৈ অধিক ৰান কৰা আন দলসমূহ হ’ল– জিম্বাব’ৱে (৩৪৪ ৰান), জার্মানী (৩০৮ ৰান) আৰু ইংলেণ্ড (৩০৪ ৰান)৷

You might also like