দিছপুৰৰ পৰা চাইবাৰ আৰক্ষীয়ে কোটি কোটি টকাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ নাম অমিত কুমাৰ বেৰিয়া বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, অমিত বেৰিয়াই “ডিজিটেল এৰেষ্ট”ৰ জালেৰে মুঠ ৩ কোটি ৮৫ লাখ টকা লুটিছিল। এটা সংগঠিত চাইবাৰ চক্ৰৰ সৈতে মিলি তেওঁ বহিঃৰাজ্যৰ লোকসকলক লক্ষ্য কৰি এই অপৰাধ সংঘটিত কৰিছিল।
তেলেংগানাৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা ২৬ লাখ টকা, মহাৰাষ্ট্ৰৰ দুজন ব্যক্তিৰ একাউণ্টৰ পৰা ৪৪ লাখ টকা, আৰু ওড়িশাৰ আন এজন ব্যক্তিৰ পৰা ২৬ লাখ ২০ হাজাৰ টকা লুট কৰাৰ তথ্য পোহৰলৈ আহিছে।
মাত্ৰ এবছৰৰ ভিতৰতে অমিত কুমাৰৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন জমা হোৱাত বেংকৰ সন্দেহ উপজিছিল। তাৰ পিছতেই HDFC বেংকৰ ছয়মাইল শাখাই CIDৰ চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কাণ্ডটোৰ তদন্ত আৰম্ভ কৰি কেছ নম্বৰ ০৭/২৬ ৰুজু কৰে আৰু অমিতক গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁক দুদিনৰ আৰক্ষী জিম্মাত ৰাখি তদন্ত চলোৱা হৈছে।
ডিজিটেল ডেস্ক, ২ জুন