আজি ৫ জুন, জেঠ মাহৰ ২১ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : স্বাতী, যাত্রা : নাই
মেষ : আজি ধর্মীয় অনুষ্ঠানৰ প্রতি ব্যস্ততা বাঢ়িব৷ মনৰ অস্থিৰতা বাঢ়িব৷ বিদ্যাত শুভ৷ পাৰিবাৰিক দিশত শান্তি বজাই থাকিব৷ প্রেমত কষ্ট৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ২৷
বৃষ : আজি পুৰণি সমস্যাবোৰৰ সমাধান হ’ব৷ ধন আগমনৰ যোগ আছে৷ কর্মত শুভ৷ ব্যৱসায়-বাণিজ্যত উন্নতিৰ যোগ৷ শৰীৰ শুভ৷ শুভ ৰং– বগা, শুভ সংখ্যা– ৫৷
মিথুন : আজি ব্যৱসায়-বাণিজ্যত শুভ৷ সামাজিক কামত ব্যস্ততা বাঢ়িব৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব৷ বির্তকৰ পৰা দূৰত্ব থাকক৷ বিদ্যাত অধিক মনোযোগৰ প্রয়োজন৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা–৪৷
কর্কট : আজি নতুন কর্মৰ সুযোগ পাব৷ সামাজিক কামৰ গুৰুত্ব থাকিব৷ বিদ্যাত শুভ৷ পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা৷ প্রেমত সাৱধান৷ শুভ ৰং– ক্রীম শুভ সংখ্যা – ১৷
সিংহ : আজি কোনো সু–সংবাদ আহিব পাৰে৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ মনৰ শান্তি সমৃদ্ধি বাঢ়িব৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ শুভ ৰং– বেঙুনীয়া শুভ সংখ্যা– ৩৷
কন্যা : আজি পেটৰ সমস্যা হ’ব পাৰে৷ নতুন সংবাদে আনন্দিত কৰিব৷ কর্মক্ষেত্রত স্থান পৰিৱর্তনৰ যোগ৷ বন্ধুবর্গৰ পৰা সহায় লাভ কৰিব৷ প্রেমত সন্দেহ৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ৭৷
তুলা : আজি শৰীৰৰ প্রতি যত্ন ল’ব৷ ভাবি থকা কথা পূৰণ হ’ব৷ ব্যৱসায়ত শুভ৷ অচিনাকি ব্যক্তিৰ পৰা সাৱধান৷ প্রেমত মধ্যম৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ২।
বৃশ্চিক : আজি কর্মক্ষেত্রত ভাল সুযোগ লাভ কৰিব৷ মনৰ চঞ্চলতা বাঢ়িব৷ অন্য লোকৰ পৰা প্রশংসা পাব৷ পুৰণি সমস্যা সমাধান হ’ব৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৩৷
ধনু : আজি বন্ধুবর্গৰ পৰা লাভৱান হ’ব৷ আর্থিক যোগাযোগ বাঢ়িব৷ কর্মব্যস্ততা বাঢ়িব৷ মূল্যৱান বস্তু হেৰুৱাব পাৰে৷ চকুৰ বিষে আমনি দিব৷ প্রেমত উৎসাহ৷ শুভ ৰং– সোণালী, শুভ সংখ্যা– ৬৷
মকৰ : আজি মানসিক চিন্তা বাঢ়িব যদিও দিনটো আনন্দৰে পাৰ হ’ব৷ যৌথ ব্যৱসায়ত সমস্যা দেখা দিব৷ কোনো শুভ সংবাদৰ ফলত মন আনন্দিত৷ বিদ্যাত বাধা৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ৮৷
কুম্ভ : আজি সমস্যা সমাধানৰ পথ মুকলি হ’ব৷ বন্ধুৰ সহায়-সহযোগিতা লাভ কৰিব৷ ব্যৱসায়ত আশা কৰা মতে ফল নাপাব৷ বিদ্যাত শুভ৷ প্রেমত আনন্দ৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ৪৷
মীন : আজি কর্মক্ষেত্রত নিজৰ স্থিতি বজাই ৰাখক৷ দিনটো হতাশাৰ মাজেৰে পাৰ হ’ব৷ বন্ধুবর্গৰ পৰা দূৰত্ব বজাই ৰাখিব৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ উচ্চ শিক্ষাত শুভ৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ৯৷