নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : মন্ত্রীসভাৰ পৰা আমি কি আশা কৰিম?

কিছু জল্পনা–কল্পনা আৰু কিছু উৎকণ্ঠাৰ অন্তত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ মন্ত্রী পৰিষদৰ দ্বিতীয়টো সম্প্রসাৰণ সম্পূর্ণ হ’ল৷ যোৱা ১২ মে’ত ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰি পাঁচজনীয়া এখন সৰু মন্ত্রীসভা গঠন কৰিছিল৷ সেই মন্ত্রীসভাত ড০ শর্মাই স্থান দিছিল অতুল বৰা, ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু চৰণ বড়োক৷ তেতিয়াই মুখ্যমন্ত্রীগৰাকীয়ে প্রায় স্পষ্ট কৰি দিছিল যে জুনৰ প্রথম সপ্তাহত তেওঁ পূর্ণাংগ মন্ত্রীসভা গঠন কৰিব৷ তেওঁ কৰা সেই ঘোষণাৰ ফলশ্রুতিতে ৫ জুনত আন ১২গৰাকী বিধায়কক মন্ত্রীসভাত স্থান দিয়ে৷ অৱশ্যেই মাজৰ এই ২০-২২টা দিন মন্ত্রীসভাত কোনে কোনে স্থান পাব সেই লৈ যথেষ্ট উৎকণ্ঠা আৰু জল্পনা–কল্পনাৰ সৃষ্টি হৈছিল৷ কিন্তু ৪ জুনৰ বিয়লি সেই সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ড০ শর্মাই তেওঁৰ মন্ত্রীসভাৰ দ্বিতীয়টো সম্প্রসাৰণত স্থান পাবলগীয়া ১২গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ চাৰিখন নতুন মুখকে ধৰি যোৱাটো কার্যকালত দক্ষতাৰে কাম কৰা আন ৮গৰাকী মন্ত্রীক এইবাৰৰ মন্ত্রীসভাতো ড০ শর্মাই স্থান দিয়ে৷ প্রাথমিকভাৱে বিচাৰ কৰিলে দেখা যায় যে অভিজ্ঞতা আৰু তাৰুণ্যক প্রাধান্য দি ড০ শর্মাই সুবিচাৰেৰে এখন শক্তিশালী মন্ত্রীসভা গঠন কৰিছে৷ এই মন্ত্রীসভাত পূর্বৰ মন্ত্রী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, পীয়ূষ হাজৰিকা, অশোক সিংহল, কেশৱ মহন্ত, বিমল বড়া, কৌশিক ৰায়, কৃষ্ণেন্দু পালৰ লগতে চাৰিখন নতুন মুখ বিশ্বজিৎ দৈমাৰী, অশ্বিনী ৰায় সৰকাৰ, সুশান্ত বৰগোহাঁইৰ লগতে প্রথমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হোৱা নীলিমা দেৱীক স্থান দিছে৷ স্বাভাৱিকতে এইবাৰৰ মন্ত্রীসভাত সকলোতকৈ বৃহৎ চমকটোৱে হ’ল নীলিমা দেৱী৷ উল্লেখিত এইসকলে মন্ত্রীসভাত স্থান পোৱাৰ বিপৰীতে আন কেইবাজনো চর্চাত থকা বিধায়কে কিন্তু মন্ত্রীসভাত স্থান ল’বলৈ সক্ষম নহ’ল৷ অৱশ্যেই ক’ব লাগিব যে বিধায়ক হিচাপে ২৫ বছৰৰ অভিজ্ঞতা আৰু যোৱাটো কার্যকালত মুখ্যমন্ত্রী হিচাপে অর্জন কৰা অভিজ্ঞতাৰ বাছনিৰেই মুখ্যমন্ত্রী ড০ শর্মাই সু–চিন্তিতভাৱে তেওঁৰ মন্ত্রীসভা গঠন কৰিছে৷
বিপুল জনপ্রিয়তাৰে বিজেপি মিত্রজোঁটে চৰকাৰ গঠন কৰাৰ পিছতে স্বাভাৱিকতে ৰাজ্যখনৰ সর্বসাধাৰণ লোকে ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ ২.০ৰ পৰা ৰাজ্যৰ সর্বাংগীণ উন্নয়নৰ প্রত্যাশা কৰিছে৷ ঘাইকৈ যাতায়াত, স্বাস্থ্য, বান পৰিস্থিতিৰ সমাধান, অসমীয়াৰ সুৰক্ষিত ভৱিষ্যৎ, বিদেশী বহিষ্কাৰ আদি সমস্যা সমাধান কৰাৰ বাবে নৱগঠিত চৰকাৰখনে যুগান্তকাৰী পদক্ষেপ ল’ব বুলি আশা কৰা হৈছে৷ কিন্তু এই সময়ত দুটা বিশেষ দিশৰ ওপৰত আলোকপাত কৰিব বিচৰা হৈছে৷ যি দুটা দিশে অসমীয়াক দেশৰ ভিতৰতে অন্যতম শক্তিশালী জাতি হিচাপে গঢ়ি তুলিব পাৰে৷ পৃথিৱীৰ যিকোনো শক্তিশালী জাতিৰ মূল আধাৰেই হৈছে শিক্ষা আৰু বাণিজ্য৷ যি জাতি শিক্ষিত নহয় আৰু যি জাতিৰ লোকসকলৰ জেপত ধন নাথাকে সেই জাতি কেতিয়াও শক্তিশালী জাতি হিচাপে আত্মপ্রকাশ কৰিব নোৱাৰে৷ সেই হিচাপে নতুন চৰকাৰখনে শিক্ষাক সর্বাধিক গুৰুত্ব প্রদান কৰাৰ আহ্বান জনাব বিচৰা হৈছে৷ বিশেষকৈ গৱেষণামূলক শিক্ষাক বিশেষভাৱে উদ্গনি দিয়াৰ লগতে বৃত্তিমূলক শিক্ষাক মাধ্যমিক পর্যায়ৰ পৰাই পৰিকল্পিতভাৱে বিস্তৃত কৰাৰ অতি প্রয়োজনীয়৷ একেদৰে কেৱল এটা চাকৰিৰ বাবে অপেক্ষা কৰি থকাৰ প্রৱণতা আঁতৰাই ব্যৱসায় আৰু বাণিজ্যৰ প্রতি তৰুণচামক অধিক আগ্রহী কৰি তোলাৰ বাবে চৰকাৰখনে ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এই ব্যৱসায়–বাণিজ্যৰ জৰিয়তে অসমীয়াই কেৱল আর্থিকভাৱে স্ব–নির্ভৰশীল হোৱাই নহয়, জাতিটোকো প্রগতিৰ জখলাত বগাবলৈ সক্ষম কৰিব৷ যিমানেই শিক্ষা আৰু ব্যৱসায়–বাণিজ্যৰ জৰিয়তে অসমীয়া জ্ঞানী আৰু বিত্তশালী হ’ব, সিমানেই জাতি হিচাপে অসম–অসমীয়াই দেশৰে ভিতৰত এক অন্যতম শক্তিশালী বিত্তৱান ৰাজ্য আৰু জাতি হৈ উঠিব৷ এই দিশতে চৰকাৰে সর্বাধিক গুৰুত্ব দিব বুলি আশা কৰিব খোজা হৈছে৷

You might also like