নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ আজি দপ্তৰ বিতৰণ

অসমক অধিক উন্নয়নশীল আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত বিভাগসমূহ আবণ্টন কৰা হ’ব।

সমন্বিত প্ৰচেষ্টা আৰু সুসংগঠিত প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই বিভাগ আবণ্টনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰৰ লক্ষ্য হৈছে প্ৰতিগৰাকী মন্ত্ৰীক নিৰ্দিষ্ট দায়িত্ব প্ৰদান কৰি বিভিন্ন খণ্ডত উন্নয়নৰ গতি অধিক শক্তিশালী কৰা।

বিভাগ আবণ্টনৰ জৰিয়তে চৰকাৰৰ নতুন কাৰ্যপন্থা আৰু অগ্ৰাধিকাৰসমূহ স্পষ্ট হোৱাৰ লগতে জনসাধাৰণেও বিভিন্ন বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলৰ নাম জানিব পাৰিব।

ৰাজ্যৰ উন্নয়ন, জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণ আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে এই বিভাগ আবণ্টনক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা হৈছে। আজি আনুষ্ঠানিকভাৱে বিভাগসমূহ ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

ডিজিটেল ডেস্ক, ৮ জুন

You might also like