নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতে যুঁজি থকাৰ সময়তে এছিয়ান ডেভেলপমেণ্ট বেংক ( এ ডি বি)এ ১৬,৫০০ কোটি টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । এডিবিৰ অধ্যক্ষ এম আছাক’ৱাই শুকুৰবাৰে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক ২.২ বিলিয়ন মাৰ্কিন ডলাৰ তথা ১৬.,৫০০ কোটি টকাৰ আৰ্থিক পেকেজ প্ৰদান কৰাৰ প্ৰতিশ্ৰুত দিয়ে । এ ডি বিয়ে ভাৰতৰ জৰুৰীকালীন প্ৰয়োজনীয়তাক সমৰ্থন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । সেয়েহে স্বাস্থ্যখণ্ডৰ লগতে মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত দৰিদ্ৰ লোকক বিশেষকৈ শ্ৰমিককে ধৰি ক্ষুদ্ৰ, মজলীয়া উদ্যোগ আৰু বিত্তীয় খণ্ডক সহায় কৰাৰ বাবে ১৬,৫০০ কোটি টকাৰে ভাৰত চৰকাৰক সহযোগিতা আগবঢ়াব ।