দেশৰ সর্বাধিক সময় প্রধানমন্ত্রীৰ আসনত… স্বর্ণিল ইতিহাস মোদীৰ
ৰাজনীতি কেৱল ক্ষমতাৰ অংক নহয়৷ ৰাজনীতি হ’ল আস্থা আৰু ইতিহাস নির্মাণৰ এক নিৰৱচ্ছিন্ন মহাযাত্রা৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সোণালী পৃষ্ঠাত নিজৰ নাম স্বর্ণিল আখৰেৰে লিপিবদ্ধ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ আটাইতকৈ দীর্ঘকালীন নির্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷
আজি অর্থাৎ ১০ জুনত কার্যকালৰ একেৰাহে ৪,৩৯৯ দিন সম্পূর্ণ কৰাৰ লগে লগে নৰেন্দ্র দামোদৰ দাস মোদীয়ে দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ ৪,৩৯৮ দিনীয়া শাসনৰ অভিলেখ ভংগ কৰি শীর্ষস্থানত অধিষ্ঠিত হ’ব৷
স্বৰাজোত্তৰ কালত পণ্ডিত নেহৰুৱে যি একদলীয় আধিপত্যৰ যুগত শাসন চলাইছিল তাৰ বিপৰীতে একবিংশ শতিকাৰ তীব্র ৰাজনৈতিক মেৰুকৰণ, সামাজিক মাধ্যমৰ চোকা নিৰীক্ষণ, ৯৬ কোটিতকৈও অধিক ভোটাৰ, ৭৪০টাতকৈও অধিক ৰাজনৈতিক দলৰ তীব্র প্রতিদ্বন্দ্বিতাৰ মাজতো নৰেন্দ্র মোদীয়ে একেৰাহে তিনিটা কার্যকালৰ বাবে জনতাৰ অভূতপূর্ব বিশ্বাস অটুট ৰাখিবলৈ সক্ষম হোৱাটো আধুনিক গণতন্ত্রৰ এক বিস্ময়কৰ অধ্যায়৷
প্রধানমন্ত্রী মোদীৰ এই সুদীর্ঘ ৰাজনৈতিক সফলতাৰ মূলমন্ত্র হৈছে ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা প্রয়াস’৷ বিগত ১২ বছৰত মোদী চৰকাৰে ৰূপায়ণ কৰা সমাজ কল্যাণমূলক আঁচনিসমূহে দেশৰ দৰিদ্র আৰু প্রান্তীয় শ্রেণীৰ জীৱন ধাৰণৰ শৈলী সম্পূর্ণ সলনি কৰিছে৷
প্রধানমন্ত্রীৰ ধন–জন যোজনাৰ জৰিয়তে কোটি কোটি দৰিদ্র লোকক বেংক ব্যৱস্থাৰ সৈতে সংযোজিত কৰি চৰকাৰী সাহায্যত পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ প্রেৰণ কৰাৰ ফলত পূর্বৰ চৰকাৰসমূহৰ দিনত থকা মধ্যভোগীৰ দুর্নীতিৰ প্রাচীৰ সম্পূর্ণ খহি পৰিল৷
আয়ুষ্মান ভাৰতৰ দৰে বিশ্বৰ বৃহত্তম বিনামূলীয়া স্বাস্থ্য বীমা, প্রধানমন্ত্রী আৱাস যোজনাৰ পকীঘৰ, উজ্জ্বলা যোজনাৰ বিনামূলীয়া গেছ সংযোগ আৰু ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰা জলজীৱন মিছনে দেশৰ কোটি কোটি জনসাধাৰণৰ মনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতি এক দৃঢ় বিশ্বাসৰ সৃষ্টি কৰিছে৷
মোদী কেৱল এজন শাসক হৈ থকা নাই৷ তেওঁ প্রতিটো দৰিদ্র পৰিয়ালৰ এজন অভিভাৱক হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী মোদীৰ ১২ বছৰীয়া কার্যকালত ভাৰতে বিশ্বমানৰ আন্তঃগাঁথনি লাভ কৰিবলৈ সক্ষম হৈছে৷
দেশৰ নতুন সংসদ ভৱন, চেণ্ড্রেল ভিষ্টা, বন্দে ভাৰত আৰু নমো ভাৰতৰ দৰে ৰে’ল প্রকল্প, উন্নতমানৰ ৰাষ্ট্রীয় ঘাইপথৰ নেটৱর্ক আৰু আধুনিক বিমানবন্দৰসমূহে ভাৰতৰ যোগাযোগ ব্যৱস্থাক এক নতুন মাত্রা প্রদান কৰিছে৷
তদুপৰি ডিজিটেল ইণ্ডিয়া বিপ্লৱ আৰু ইউপিআই ব্যৱস্থাই সমগ্র বিশ্বকে আচৰিত কৰি তুলিছিল৷ শিক্ষা আৰু স্বাস্থ্যখণ্ডত এক বৃহৎ জাঁপ মাৰি ২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত দেশত আইআইটিৰ সংখ্যা ১৬ৰ পৰা ২৩খনলৈ, আইআইএমৰ সংখ্যা ১৩ৰ পৰা ২১খনলৈ আৰু এইমছৰ সংখ্যা ৭–২৩খনলৈ বৃদ্ধি পাইছে৷ যিয়ে এখন নতুন আৰু আধুনিক ভাৰতৰ ভেটি প্রস্তুত কৰিছে৷ প্রধানমন্ত্রীৰ নেতৃত্বত ভাৰতৰ বৈদেশিক নীতিয়ে বিশ্ব মঞ্চত গুৰুত্ব লাভ কৰিছে৷
বিশ্বৰ ভূ–ৰাজনৈতিক সংকটৰ সময়ত ভাৰতে কোনো শক্তিশালী ৰাষ্ট্রৰ ওচৰত মূৰ দোৱাবলগীয়া হোৱা নাই৷ বৰঞ্চ নিজৰ ৰাষ্ট্রীয় স্বার্থক প্রথম অগ্রাধিকাৰ দিছে৷ প্রধানমন্ত্রী মোদীৰ বলিষ্ঠ কূটনীতিৰ বাবেই আজি ভাৰত উন্নয়নশীল বিশ্বৰ এক শক্তিশালী কণ্ঠস্বৰ হৈ পৰিছে৷
বিশ্ব মঞ্চত তেওঁৰ এই অনন্য নেতৃত্বৰ স্বীকৃতিস্বৰূপে মোদীয়ে বর্তমানলৈকে বিশ্বৰ বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্রীয় সংস্থাৰ পৰা ২৯টাকৈ আন্তঃৰাষ্ট্রীয় বঁটা লাভ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রৰ ‘লিজিয়ন অৱ মেৰিট’, ফ্রান্সৰ সর্বোচ্চ অসামৰিক সন্মান ‘গ্রেণ্ড ক্রছ অৱ দ্য লিজিয়ন অৱ অ’নাৰ’, ৰাছিয়াৰ ‘অর্ডাৰ অৱ ছেইণ্ট এন্দ্রিউ’ আৰু ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত, ভূটান, পাপুৱা নিউগিনি আদি অর্ধশতাধিক গোলকীয় মঞ্চ তথা সর্বোচ্চ ৰাষ্ট্রীয় সন্মানেৰে তেওঁক অলংকৃত কৰা হৈছে৷
শেহতীয়াকৈ আমেৰিকাৰ বিখ্যাত তথ্য বিশ্লেষক প্রতিষ্ঠান মর্নিং কনছাল্টৰ ২০২৬ বর্ষৰ গোলকীয় সমীক্ষাতো ৬৮ শতাংশ অনুমোদনেৰে নৰেন্দ্র মোদী সমগ্র বিশ্বৰ আটাইতকৈ জনপ্রিয় নেতা হিচাপে শীর্ষস্থানত অধিষ্ঠিত হোৱাটোৱে প্রমাণ কৰে যে তেওঁ কেৱল ভাৰতৰ নহয়, বর্তমান বিশ্বৰো এজন অন্যতম প্রভাৱশালী পথ প্রদর্শক৷
পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বাধীনতাৰ পৰৱর্তীকালত ভাৰতৰ প্রাৰম্ভিক ভেটি স্থাপন কৰিছিল ঠিকেই, কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে একবিংশ শতিকাৰ ডিজিটেল আৰু সামৰিক শক্তিৰ জোৰত ভাৰতক বিশ্বগুৰু আৰু এক মহাশক্তি হিচাপে থিয় কৰাবলৈ সক্ষম হৈছে৷
এই ঐতিহাসিক কার্যকাল আৰু অটুট জনবিশ্বাসে বিকশিত ভাৰত ২০৪৭ৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত এক নতুন শক্তিশালী খোজ হিচাপে চিৰকাললৈ স্মৰণীয় হৈ ৰ’ব৷ এই শুভক্ষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীক দেশৰ আগশাৰীৰ ৰাজনীতিকৰ লগতে বিশ্বৰ নেতাসকলেও শুভেচ্ছা জনাইছে৷
ডিজিটেল ডেস্ক, ১০ জুন