নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : দিল্লীক অসমৰ কাষ চপাই অনা প্রধানমন্ত্রীগৰাকী

ড০ হিমন্ত বিশ্ব শর্মা

অসমৰ এটা প্রজন্মই দীর্ঘদিন ধৰি এক নীৰৱ অথচ অবিৰত বিচ্ছিন্নতাবোধৰ মাজত ডাঙৰ–দীঘল হৈছিল৷ সেই সময়ৰ ৰাজনীতি আৰু অভিজ্ঞতাই তেওঁলোকক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছিল যে দিল্লীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে চায়৷

ই কেৱল এক কাল্পনিক ক্ষোভ নাছিল, ইতিহাসেও ইয়াৰ ভিত্তি প্রস্তুত কৰিছিল আৰু চৰকাৰী নীতিসমূহেও প্রায়ে ইয়াকে প্রতিপন্ন কৰিছিল৷ দশকৰ পিছত দশক ধৰি অসমৰ বহু লোকে অনুভৱ কৰিছিল যে কেৱল সংকটৰ সময়তহে উত্তৰ–পূর্বাঞ্চলক মনত পেলোৱা হয় আৰু দেশৰ পৰিকল্পনাৰ সময়ত ৰাজ্যখন সদায় অৱহেলিত হৈ ৰয়৷

মই নিজেও সেই প্রজন্মৰে এজন৷

এই অনুভৱ অসমৰ জনমানসত কিমান গভীৰভাৱে শিপাই আছিল, সেই কথা ৰাজহুৱা জীৱনৰ আৰম্ভণিৰ পৰাই মই দেখি আহিছোঁ৷ এনে চিন্তা–ভাবনাই আমাৰ কথা–বতৰাক গঢ় দিছিল, আন্দোলনসমূহক তীব্রতৰ কৰিছিল আৰু আশা–আকাংক্ষাক প্রভাৱিত কৰিছিল৷ দিল্লীয়ে যে অসমক মাহীআইৰ চকুৰে চায়, এই বিশ্বাস আমাৰ ৰাজনৈতিক শব্দাৱলীৰ এক অংশ হৈ পৰিছিল৷ ই কেৱল ভাষাৰ অলংকাৰ নাছিল, ই আছিল ঐতিহাসিক অভিজ্ঞতাৰ আৱেগিক প্রকাশ৷

সেইবাবেই বিগত দশকটোত হোৱা পৰিৱর্তনক কেৱল উন্নয়নমূলক পৰিৱর্তন বুলি কৈয়েই সামৰিব নোৱাৰি, ই হৈছে এক ঐতিহাসিক ভুলৰ শুধৰণি৷

২০১৪ চনত শ্রীনৰেন্দ্র মোদী ডাঙৰীয়া প্রধানমন্ত্রী হোৱাৰ পাছৰে পৰা দিল্লী আৰু উত্তৰ–পূর্বাঞ্চলৰ সম্পর্কত এক মৌলিক পৰিৱর্তনৰ সূচনা হয়৷ তেখেতে এই অঞ্চলটোক দূৰৱর্তী সীমান্ত হিচাপে গণ্য নকৰি দেশৰ ৰাষ্ট্রীয় চিন্তা–চর্চাৰ কেন্দ্রলৈ লৈ আনিলে আৰু উত্তৰ–পূর্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰিলে৷ তেখেতে অসমৰ কৌশলগত স্থিতি আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিলে৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, তেখেতে এই স্বীকৃতি কেৱল কথাতে আবদ্ধ নাৰাখি বাস্তৱ পদক্ষেপলৈ ৰূপান্তৰিত কৰিলে৷

ই কেৱল আন্তঃগাঁথনিৰ পৰিৱর্তনেই নহয়, মানুহৰ মানসিকতাৰো পৰিৱর্তন ঘটালে৷ এসময়ত নিজৰ মনত বিচ্ছিন্নতাবোধ পুহি ৰখা প্রজন্মটো এতিয়া মূলসুঁতিৰ সৈতে সংযুক্ত হৈ পৰিল৷

ইয়াৰ পিছৰ প্রজন্মটো এক নতুন আত্মবিশ্বাসেৰে ডাঙৰ–দীঘল হৈছে৷ আজি অসমৰ যুৱ সমাজে স্বাভাৱিকতে দিল্লী দূৰৈত আৰু আমাৰ প্রতি উদাসীন বুলি নাভাবে৷ তেওঁলোকে নিজৰ ৰাজ্যখনক দেশৰ বিকাশ যাত্রাৰ এক অবিচ্ছেদ্য অংশ আৰু সুযোগৰ থলী ৰূপে গণ্য কৰে৷ তেওঁলোকে বিশ্বাস কৰে যে আমাৰ অঞ্চলটোৰ আশা–আকাংক্ষাই এতিয়া প্রয়োজনীয় গুৰুত্ব লাভ কৰিছে৷ মানুহৰ মানসিকতাৰ এই পৰিৱর্তনেই সম্ভৱতঃ প্রধানমন্ত্রীৰ অসমলৈ আটাইতকৈ ডাঙৰ অৱদান৷

এই পটভূমিতে আমাৰ উন্নয়নৰ যাত্রাৰ সূচনা হৈছে৷

এসময়ত অসমৰ খাৰুৱা তেল ৰাজ্যখনৰ ভিতৰতে শোধন কৰাৰ দৰে এটা সৰু দাবীৰ বাবেও অসমবাসীয়ে আন্দোলন কৰিবলগীয়া হৈছিল৷ তেল শোধনাগাৰ আন্দোলনৰ স্মৃতি আমাৰ ৰাজনৈতিক চেতনাৰ মাজত আজিও সজীৱ হৈ আছে৷ বহু দিনলৈকে অসমৰ সম্পদসমূহৰ বহির্গমন হৈছিল আৰু স্থানীয় মূল্য–সংযোজন অত্যন্ত সীমিত হৈ ৰৈছিল৷ আজি সেই কাহিনী সলনি হৈছে৷

নুমলীগড় শোধনাগাৰৰ সম্প্রসাৰণৰ কাম পূর্ণগতিত আগবাঢ়িছে৷ এই কাম সম্পূর্ণ হ’লে ইয়াৰ বার্ষিক পৰিশোধন ক্ষমতা ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি পাব৷ পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ নতুন পাইপলাইনৰ কাম সম্পূর্ণ হোৱাৰ পথত আৰু শক্তিখণ্ডৰ নতুন আন্তঃগাঁথনিয়ে অসমৰ ঔদ্যোগিক সামর্থ্য বৃদ্ধি কৰিছে৷ যি এসময়ত বঞ্চনাৰ প্রতীক আছিল, সিয়েই এতিয়া ৰূপান্তৰৰ প্রতীক হৈ উঠিছে৷

ঔদ্যোগিক পুনৰুজ্জীৱিতকৰণৰ্ ক্ষেত্রতো একে কথাই প্রযোজ্য৷ জাগীৰোডে এসময়ত কেৱল উদ্যোগ খণ্ডৰ অৱনতিৰ কথাহে মনত পেলাহছিল৷ স্তব্ধ হৈ পৰা নগাঁও কাগজ কল, পৰিত্যক্ত আৱাসিক এলেকা আৰু ঔদ্যোগিক সংস্থাপনৰ ম্লান হৈ পৰা স্মৃতি– এই আটাহবোৰ অসমৰ হতাশাজনক পৰিৱেশৰ অংশ হৈ পৰিছিল৷ কিন্তু ইতিহাসৰ গতি সলনি হ’ব পাৰে৷ বর্তমান সেই একে স্থানতে টাটা ইলেক্ট্র’নিক্সে ২৭,০০০ কোটি টকা বিনিয়োগেৰে এটা ছেমিকণ্ডাক্টৰ প্রকল্প নির্মাণ কৰি আছে৷ এসময়ত উদ্যোগ গঢ়াৰ সপোন মৰহি যোৱা অসমে আজি ছেমিকণ্ডাক্টৰৰ আন্তঃৰাষ্ট্রীয় মানচিত্রত স্থান লাভ কৰিছে৷ এনে কিছুমান কাহিনীয়ে উপেক্ষাৰ পৰা আকাংক্ষালৈ আমাৰ যাত্রাক সুস্পষ্ট ৰূপত প্রতিফলিত কৰিছে৷

ৰাজ্যখনলৈ ঘূৰি অহা শান্তিও এই নতুন অধ্যায়ৰ অন্যতম কেন্দ্রবিন্দু৷

এসময়ত সমগ্র অসমত হিংসা আৰু আতংকই বিৰাজ কৰিছিল৷ উগ্রপন্থা, বোমা বিস্ফোৰণ, অপহৰণ আৰু গুলীচালনা আদিয়ে আমাৰ দৈনন্দিন জীৱনক অনিশ্চিত কৰি তুলিছিল৷ তেনে এক পৰিৱেশত পর্যটন আৰু বিনিয়োগৰ কথা কল্পনা কৰাটো অসম্ভৱ আছিল৷ কিন্তু শেহতীয়াকৈ বড়ো গোটসমূহৰ সৈতে হোৱা চুক্তি, ২০২৩ চনত আলফাৰ সৈতে হোৱা ত্রিপাক্ষিক চুক্তি আৰু কার্বি, আদিবাসী, ডিমাচা তথা অন্যান্য সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিসমূহে বাস্তৱৰ সেই ছবিখন সম্পূর্ণ সলাই পেলালে৷ এই চুক্তিসমূহে পুৰণি সংঘাতৰ অন্ত পেলোৱাৰ লগতে নতুন বিশ্বাস গঢ়াৰ পথ মুকলি কৰিছে৷ শান্তিয়ে সম্ভাৱনাক পুনৰুজ্জীৱিত কৰিছে আৰু সম্ভাৱনাই কঢ়িয়াই আনিছে বিনিয়োগ৷

৭৫খন দেশৰ অংশগ্রহণেৰে অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০’– য়ে ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰিছে৷ ৰিলায়েঞ্চ, আদানি, টাটা, বেদান্ত আৰু জিন্দালৰ দৰে আগশাৰীৰ উদ্যোগ গোষ্ঠীসমূহে এতিয়া গুৰুত্বসহকাৰে আৰু নতুন আশা লৈ অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে৷ কিছুদিন আগলৈকে যিটো কথা অসম্ভৱ যেন লাগিছিল, আজি সেয়া একেবাৰে স্বাভাৱিক হৈ পৰিছে৷ অসমে এতিয়া আৰু কাৰোবাৰ চকুত পৰিবলৈ অপেক্ষা কৰি থকা নাই, বৰঞ্চ ই নিজকে এক অন্যতম প্রধান বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্রতিষ্ঠা কৰিছে৷ আন্তঃগাঁথনিৰ উন্নয়নেও সেই একেই সত্যকে দোহাৰিছে৷

স্বাধীনতাৰ পিছৰ প্রায় সাতটা দশক ধৰি অসমৰ জীৱনৰেখা আৰু ভৌগোলিক গাঁথনিৰ আধাৰস্বৰূপ মহাবাহু ব্রহ্মপুত্রৰ ওপৰত মাত্র তিনিখনহে দলং আছিল৷ শেহতীয়া বছৰবোৰত সেই ছবিখন দ্রুতগতিত সলনি হৈছে৷ কেইবাখনো নতুন দলঙৰ নির্মাণ সম্পূর্ণ হৈছে, বহুকেইখন নির্মীয়মাণ অৱস্থাত আছে– যাৰ ফলত যোগাযোগৰ মানচিত্রই নতুন ৰূপ পাইছে৷ অলপতে উদ্বোধন কৰা ‘কুমাৰ ভাস্কৰ বর্মা সেতু’ এনে এক অন্যতম মাইলৰ খুঁটি৷ ধুবুৰী–ফুলবাৰী দলং, যোৰহাট–মাজুলী দলং আৰু শৰাইঘাটৰ তৃতীয়খন দলঙৰ দৰে প্রকল্পসমূহে অভূতপূর্ব দ্রুততাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলক পৰস্পৰৰ সৈতে সংযুক্ত কৰিছে৷

স্বাস্থ্যসেৱাৰ ক্ষেত্রতো সমানেই গুৰুত্বপূর্ণ ৰূপান্তৰ ঘটিছে৷ এসময়ত ৰাষ্ট্রীয় পর্যায়ৰ গুৰুত্বপূর্ণ প্রতিষ্ঠানসমূহৰ বাবে সংগ্রাম কৰিবলগীয়া হোৱা অসমত এতিয়া ‘এইমছ গুৱাহাটী’ৰ দৰে আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান আছে৷ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ ২০২১ চনৰ সাতখনৰ পৰা এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা চৈধ্যখন হৈছে আৰু কেহবাখনো নির্মীয়মাণ অৱস্থাত আছে৷ ৰাজ্যখনে অভাৱৰ পৰা সম্প্রসাৰণৰ দিশলৈ, পৰনির্ভৰশীলতাৰ পৰা সামর্থ্য বিকাশৰ দিশলৈ গতি কৰিছে৷ পৰিবহণৰ ক্ষেত্রতো ৰে’ললাইনৰ দ্বৈতকৰণ, বৈদ্যুতিকীকৰণ, গুৱাহাটী বিমানকোঠৰ নতুন টার্মিনেল, ব্রহ্মপুত্রৰ তলেৰে নির্মাণ হ’বলগীয়া সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ আৰু গুৱাহাটী ৰিং ৰোড– এই সকলোবোৰে উন্নয়নৰ ন–প্রত্যাশাক প্রতিফলিত কৰিছে৷

কিন্তু এই দলং, বিমানবন্দৰ, কাৰখানা আৰু শোধনাগাৰসমূহৰ উপৰি আন এক পৰিৱর্তন ঘটিছে– সেয়া হৈছে আৱেগিক দূৰত্বৰ পৰিৱর্তন৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আটাহতকৈ স্থায়ী অৱদান সম্ভৱতঃ এয়ে যে তেওঁ এই অঞ্চল আৰু ৰাষ্ট্রীয় ৰাজধানীৰ মাজৰ মানসিক ব্যৱধান হ্রাস কৰিলে৷ তেওঁ কেৱল নীতি নির্ধাৰণ কৰি নহয়, সঠিক দৃষ্টিভংগী আৰু উপস্থাপনাৰে সেয়া সম্ভৱ কৰি তুলিলে৷ যেতিয়া তেওঁ অসমৰ গামোচাখন ডিঙিত লয়, সেয়া কেৱল এক আনুষ্ঠানিক সৌজন্যতা নহয়৷ যেতিয়া তেওঁ কাজিৰঙাত নৈশযাপন কৰা প্রথমগৰাকী প্রধানমন্ত্রী হিচাপে ইতিহাস গঢ়ে, তেতিয়া ই এক গভীৰ তাৎপর্য বহন কৰে৷ তেওঁ বাৰে বাৰে উত্তৰ–পূর্বাঞ্চল ভ্রমণ কৰিছে৷ তেওঁৰ ৭৫তকৈও অধিকবাৰ উত্তৰ–পূর্বাঞ্চল ভ্রমণে এই অঞ্চল যে ভাৰতৰ ভাগ্যৰ সৈতে সংযুক্ত হৈ আছে, তাৰেহ বার্তা বহন কৰিছে৷ আৰু সেই বার্তা আজি সঠিকভাৱে হৃদয়ংগম কৰা হৈছে৷

আজি অসম অধিক আত্মবিশ্বাসী, অধিক সংযুক্ত আৰু অধিক আশাবাদী৷ অৱহেলাৰ পুৰণি ভাষা এতিয়া ক্রমান্বয়ে আশাৰ ভাষালৈ ৰূপান্তৰিত হৈছে৷ আৱেগিক গতিপথ সলনি হৈছে– ক্ষোভৰ পৰা অংশগ্রহণলৈ, দূৰত্বৰ পৰা আত্মীয়তালৈ৷

১০ জুন, অৰ্থাত আজি শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি ভাৰতৰ আটাহতকৈ দীর্ঘদিন ধৰি নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা নির্বাচিত প্রধানমন্ত্রী হিচাপে ইতিহাস গঢ়িলে৷ ই ৰাষ্ট্রৰ বাবে এক গুৰুত্বপূর্ণ ক্ষণ৷ অসমেও নিজাকৈ গভীৰভাৱে ইয়াৰ গুৰুত্ব অনুভৱ কৰিছে৷ এয়া এজন নেতাৰ ঐতিহাসিক অৱদানক স্বীকাৰ কৰাৰ এক উপযুক্ত ক্ষণ, যিগৰাকীৰ কার্যকালত অসমে কেৱল আন্তঃগাঁথনিৰ উন্নয়নকে প্রত্যক্ষ কৰা নাই, ভাৰতৰ ভিতৰত নিজৰ স্থান আৰু মর্যাদাৰে এক নতুন আত্মবিশ্বাসো লাভ কৰিছে৷

এই ঐতিহাসিক সফলতাৰ ক্ষণত তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ মই সর্বশক্তিমান ঈশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীর্ঘায়ু আৰু নিৰন্তৰ শক্তিৰ বাবে প্রার্থনা জনাইছোঁ, যাতে একেই দূৰদর্শিতা, দৃঢ়তা আৰু উৎসর্গিত মনোভাবেৰে তেখেতে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰি যাব পাৰে৷

You might also like