নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দুগৰাকীকৈ ছোৱালী অপহৰণৰ ঘটনা

বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দুগৰাকীকৈ ছোৱালী অপহৰণ কৰি নিয়া ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰহস্যজনক অপৰাধৰ ঘটনাৰ সৈতে শুৱালকুছিৰে কৈৱৰ্ত পাৰাৰ এগৰাকী মহিলা জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ছোৱালী দুগৰাকীৰ পৰিয়ালে।

ঘটনা অনুসৰি যোৱা ৬ জুনত শুৱালকুছি কৈৱৰ্ত পাৰাৰ জনৈক দাস উপাধিৰ এগৰাকী ১৬ বছৰ বয়সীয়া আৰু এগৰাকী ২০ বছৰ বয়সীয়া ছোৱালীক কাম দিয়াৰ চলেৰে এগৰাকী মহিলাই গুৱাহাটীৰ গণেশগুৰিলৈ মাতি নিয়ে।

ছোৱালী দুগৰাকীয়ে ঘৰত সবিশেষ নজনোৱাকৈ বাছযোগে গুৱাহাটী গণেশগুৰিত উপস্থিত হয়। পূৰ্বে কৰা পৰিকল্পনা মৰ্মে ছোৱালী দুগৰাকীক ফোন যোগে হেঙেৰাবাৰীলৈ মাতি পঠিয়াই। হেঙেৰাবাৰী পোৱাৰ পিচত ছোৱালী দুগৰাকীক এটা বিল্ডিঙৰ কোঠালীত আবদ্ধ কৰি ৰাখে বুলি ভূক্তভোগী ছোৱালী দুগৰাকীকে ব্যক্ত কৰে।

ইফালে ছোৱালী দুগৰাকী সন্ধিয়ালৈ ঘৰত নেদেখি হাহাকাৰ লগাত বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান নোপোৱাত ছোৱালী দুগৰাকীৰ বন্ধু দুজনেও বিচাৰ খোঁচাৰ আৰম্ভ কৰে। প্ৰথম অৱস্থাত ফোন কৰিও কোনো সহাঁৰি পোৱা নাছিল যদিও নিশালৈ আকস্মিক ভাৱে ফোনত সংযোগ হোৱাত ফোন লোকেচন লৈ নিশাৰ ভাগতে মহিলাগৰাকীৰ কবলৰ পৰা ছোৱালী দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে ছোৱালী দুগৰাকীক বিচাৰি যোৱা দুই বন্ধু যুৱকৰ এজনক প্ৰহাৰ কৰে মহিলাগৰাকীয়ে। উল্লেখ্য যে, যুৱতী দুগৰাকীক কোনো ব্যক্তিগত চিকিৎসালয়ত নাৰ্চ হিচাপে কৰ্মসংস্থাপন দিম বুলি ৬ জুনত শুৱালকুছি কৈৱৰ্ত পাৰাৰ পৰা ফুচুলাই লৈ গৈছিল মহিলগৰাকীয়ে।

মহিলাগৰাকীৰ ওপৰত পূৰ্বৰে পৰাই সন্দেহ আছিল স্থানীয় ৰাইজৰ। মহিলাগৰাকীয়ে ছোৱালী দুগৰাকীক দেহ ব্যৱসায়ৰ লগত জড়িত কৰাৰ সন্দেহ কৰিছে ছোৱালী দুজনীৰ পৰিয়াল তথা স্থানীয় লোকে। ইতিমধ্যে ঘটনা সন্দৰ্ভত দুয়োগৰাকী ছোৱালীৰ পৰিয়ালে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

বিশেষ বাৰ্তা, শুৱালকুছি, ১০ জুন

You might also like