নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী সুৰক্ষিত হ’লেহে অসম সুৰক্ষিত : মন্ত্ৰী অশোক সিংহল

“সুৰক্ষিত অসমৰ বাবে সুৰক্ষিত ধুবুৰীৰ প্ৰয়োজন আছে।” আজি ধুবুৰীত এই মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ নবনিযুক্ত অভিভাবক মন্ত্ৰী অশোক সিংহলে। আজি বৃহস্পতিবাৰে ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাত সেৱা জনোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে সীমান্তৱৰ্তী এই জিলাখনৰ সুৰক্ষা অসমৰ সামগ্ৰিক সুৰক্ষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।

মন্ত্ৰী সিংহলে লগতে জানিবলৈ দিয়ে যে, জিলাখনৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ বাহিৰত অৱস্থিত ভোগডাংগা আৰু ফেস্কাৰকুটি নামৰ ভাৰতীয় গাঁও দুখনলৈ তেওঁ ভ্ৰমণ কৰিব।

ভ্ৰমণকালত গাঁওবাসীৰ খা-খবৰ লোৱাৰ লগতে তেওঁলোকৰ সমস্যা, প্ৰয়োজন আৰু উন্নয়নমূলক দাবীসমূহৰ বুজ লোৱা হ’ব বুলি উল্লেখ কৰে। উল্লেখ্য যে, দীঘলীয়া সময় ধৰি সীমান্তৰ এই দুৰ্গম গাঁও দুটাৰ বাসিন্দাসকলে যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি আৰু মৌলিক সেৱাৰ ক্ষেত্ৰত অধিক চৰকাৰী মনোযোগৰ আশা কৰি আহিছে।

সেয়েহে মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণক সীমান্তবাসীৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন আৰু উন্নয়নৰ নতুন আশা সৃষ্টিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

আনহাতে, অভিভাৱক মন্ত্ৰী হিচাপে ধুবুৰী জিলাত উপস্থিত হোৱাৰ আজিৰ এই বিশেষ দিনটোত বগৰীবাৰীৰ মা মহামায়া মন্দিৰত আশীষ লয় তেওঁ। মা মহামায়া মন্দিৰ পৰা ধুবুৰী জিলাৰ বগৰীবাৰীস্থিত ২৫ হাত মা কালী মন্দিৰো দৰ্শন কৰে তেওঁ।

উল্লেখ্য যে, আজি বিয়লি বিজেপিৰ ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্যালয়ত নবনিযুক্ত অভিভাবক মন্ত্ৰী অশোক সিংহলৰ এক বিশেষ আদৰণি অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১১ জুন

You might also like