ফিফা বিশ্বকাপৰ বাবে ২৪৫ কোটি ব্যয়েৰে কাৰাগাৰ নির্মাণ
ফিফা বিশ্বকাপৰ বাবে নির্মাণ কৰা হৈছে এখন অস্থায়ী কাৰাগাৰ৷ ড’নাল্ড ট্রাম্প প্রশাসনে বিপুল ধন খৰচ কৰি আমেৰিকাৰ কানছাছ চিটীত নির্মাণ কৰিছে নতুন কাৰাগাৰ৷ ১ জুনত কাৰাগাৰখন উদ্বোধন কৰাৰ কথা আছিল যদিও শ্রম সংকটৰ বাবে নির্মাণ কার্যত পলম হোৱাৰ বাবে উদ্বেগ প্রকাশ কৰে কানছাছ চিটী প্রশাসনে৷
ফুটবল বিশ্বকাপৰ সময়ত সম্ভাব্য বিশৃংখলতাৰ মোকাবিলা কৰিবলৈ স্থানীয় প্রশাসনে ১০০ বিছনাযুক্ত অস্থায়ী কাৰাগাৰ নির্মাণৰ সিদ্ধান্ত লয়৷ ইয়াৰ বাবে প্রায় ২৪৫ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে৷
২০০৯ চনৰ পৰা কানছাছ চহৰত কোনো কাৰাগাৰ নাই৷ তাত থকা আৰক্ষীয়ে যেতিয়া কাৰোবাক গ্রেপ্তাৰ কৰে তেতিয়া প্রথমে থানাত ৰখা হয়৷ প্রয়োজন হ’লে কয়েদীসকলক চুবুৰীয়া জনছন কাউণ্টী বা ভার্নন কাউণ্টী জে’ললৈ প্রেৰণ কৰা হয়৷
দুয়োটা প্রায় ৮০ কিলোমিটাৰ দূৰত৷ বিশ্বকাপৰ সময়ত বিদেশী ফুটবল অনুৰাগীৰ বিশৃংখলতাৰ সৈতে মোকাবিলা কৰিবলৈ চুবুৰীয়া কাউণ্টীৰ কাৰাগাৰৰ ওপৰত হেঁচা হ্রাস কৰিবলৈ স্থানীয় প্রশাসনে ফ্রণ্ট ষ্ট্রীটত অস্থায়ী কাৰাগাৰ নির্মাণৰ সিদ্ধান্ত লয়৷
কিন্তু বিশ্বকাপৰ বাবে বিভিন্ন প্রয়োজনীয় আন্তঃগাঁথনি নির্মাণৰ বাবে জে’লৰ বাবে পর্যাপ্ত কর্মচাৰী নাছিল৷ ফলত সময়মতে কাম সম্পূর্ণ কৰিব পৰা নগ’ল৷ উল্লেখ্য যে অহা ১৬ জুনত কানছাছ চিটীত অনুষ্ঠিত হ’ব বিশ্বকাপৰ প্রথমখন মেচ৷
ডিজিটেল ডেস্ক, ১২ জুন