নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক দামোদৰ বৰ্মনৰ যোগদান 

অসম প্ৰশাসনিক সেৱাৰ বিষয়া দামোদৰ বৰ্মনে আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে যোগদান কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত উপাচাৰ্য সমন্বিতে বিশ্ববিদ্যালয় পৰিয়ালে পঞ্জীয়ক গৰাকীক শুভেচ্ছা জনায়।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই শুভেচ্ছামুলক বক্তব্যত এসময়ৰ কৃতী ছাত্ৰ দামোদৰ বৰ্মনক পঞ্জীয়ক হিচাপে পাই শিক্ষক হিচাপে গৌৰৱান্বিত বুলি উল্লেখ কৰি প্ৰশাসনিক ভাবে ইতিমধ্যে দক্ষতাৰ পৰিচয় দিয়া বৰ্মনৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কামকাজ সুন্দৰভাৱে আগুৱাই যাব পাৰিব বুলি আশা প্ৰকাশ কৰে।

পঞ্জীয়ক হিচাপে বহু প্ৰত্যাহ্বান আছে বা থাকিব যদিও অগ্ৰাধিকাৰ ভিত্তিত কামসমূহ আগুৱাই নি সময়ৰ লগত খোজ মিলাই বিশ্ববিদ্যালয়খনক আগুৱাই নিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডঃ অনুপ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটোত নিজৰ অনুভৱ প্ৰকাশ কৰি নবনিযুক্ত পঞ্জীয়ক গৰাকীয়ে কয় যে বিশ্ববিদ্যালয় খনক আমি এনে পৰ্যায়ত নিব লাগিব যে আমি বিচাৰি যাব নালাগে বৰঞ্চ আমাক বিচাৰি আহিব লাগিব।

সেয়ে অসমৰ কৃষি ক্ষেত্ৰক সামগ্ৰিক ভাৱে আগুৱাই নিয়াৰ যি সপোন সেই সপোনেৰে আমি অগ্ৰাধিকাৰ ভিত্তিত কৰ্মসূচী যুগুত কৰি আগবাঢ়িব লাগিব আৰু বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ এজন হিচাপে ময়ো নিজৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াম।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ পাঠক, সামুহিক বিজ্ঞান গুৰু ডঃ মামণি দাস, ছাত্ৰ কল্যাণ সঞ্চালক ডঃ বিনয় কুমাৰ মেধি, শৈক্ষিক পঞ্জীয়ক ডঃ ৰমেন কুমাৰ শৰ্মা আৰু চিফ লাইব্ৰেৰীয়ান (ভাৰপ্ৰাপ্ত) উদয় কোঁৱৰেও বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ মহাগাণনিক ডঃ নিলোৎপল বৰঠাকুৰ, কৃষি গৱেষণা সঞ্চালক ডঃ সঞ্জয় কুমাৰ চেতিয়া, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ মনোৰঞ্জন নেওগ, সহযোগী কৃষি গৱেষণা সঞ্চালক ডঃ মৃণাল শইকীয়া, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ ৰঞ্জিত কুমাৰ সাউদ প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ কেইবাজনো মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানী আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা  প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্রীধাৰী দামোদৰ বৰ্মনে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নে’ট পৰীক্ষাত যোগ্যতা অর্জন কৰাৰ উপৰি কণিষ্ঠ বিজ্ঞানী হিচাপেও চাকৰি লাভ কৰিছিল যদিও অসম অসামৰিক সেৱাত মনোনিৱেশ কৰে।

এ চি এছ বিষয়া হিচাপে প্রথমে কৰিমগঞ্জত যোগদান কৰাৰ পাছত কেইবাঠাইতো বিভিন্ন পদত অধিষ্ঠিত হৈ ২০২০চনৰ পৰা ২০২৩ চনলৈকে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত হিচাপে দায়িত্ব পালন কৰে।

তেওঁ গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত, দেৰগাঁও সম-জিলাৰ আয়ুক্ত পদত দায়িত্ব পালন কৰাৰ পাছত পদোন্নতিসহ অসম চৰকাৰৰ নিৰ্বাচন বিভাগৰ যুটীয়া সচিব, অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া হিচাপে কার্যনির্বাহ কৰে।

বিশেষ বাৰ্তা, যোৰহাট, ১৫ জুন

You might also like