নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীত আৰক্ষীৰ জালত চাৰি কুখ্যাত চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, সোণতলী, ২০ জুন : কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ বিভিন্ন অঞ্চলত সক্ৰিয় হৈ থকা চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে নিশা চলোৱা এক গোপন আৰু যুটীয়া অভিযানত আৰক্ষীৰ জালত পৰিছে চাৰিজনকৈ কুখ্যাত চাইবাৰ অপৰাধী। ধৃত চাইবাৰ অপৰাধী চাৰিজন ক্ৰমে ৩নং দক্ষিণ ৰাঙাপানী গাঁৱৰ জাকিৰ হুছেইন মোল্লাহ, ২নং দক্ষিণ ৰাঙাপানী গাঁৱৰ হাচানুৰ ৰহমান, একে গাঁৱৰে মাৰতিনুল হক, পানীখাইতী গাঁৱৰ জাহিদুল ইছলাম বুলি জানিব পৰা গৈছে।

ধৃত অপৰাধীকেইজনৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধনসহ বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে। এই অভিযানটো বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ নেতৃত্বত নিশা চলিছিল। অঞ্চলটোত ইণ্টাৰনেট আৰু ভুৱা বেংক একাউণ্টৰ জৰিয়তে সহজ-সৰল লোকক প্ৰতাৰণা কৰি অহাৰ এক সুনিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ দলটোৱে অপৰাধীকেইজনৰ গোপন ঘাটিত অতৰ্কিতে অভিযান চলায়। এই গুৰুত্বপূৰ্ণ অভিযানত বকো থানাৰ আৰক্ষী বিষয়া মুন্না পাচনি, ছমৰীয়া পহৰা চকীৰ আৰক্ষী বিষয়া মৃদুল দাস আৰু সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি মুদৈয়ে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়ায়।

অভিযানকাৰী দলটোৱে চাইবাৰ অপৰাধীকেইজনৰ ঘাটিৰ পৰা প্ৰৱঞ্চনাৰ কামত ব্যৱহাৰ কৰা একাধিক আধুনিক মোবাইল ফোন, বিভিন্ন ভুৱা তথা বেনামী বেংকৰ পাছবুক, চেকবুক, বিভিন্ন বেংকৰ এটিএম কাৰ্ড আৰু বিভিন্ন অনলাইন একাউণ্ট সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে। ইয়াৰ উপৰি আৰক্ষীয়ে অপৰাধৰ জৰিয়তে সংগ্ৰহ কৰা নগদ ৩ লাখ ৫০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান এই চাৰিওজন কুখ্যাত চাইবাৰ অপৰাধীক বকো থানাত ৰখা হৈছে। আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মাত লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

এই আন্তঃজিলা বা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ প্ৰৱঞ্চনা চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে, তেওঁলোকে কেনেকৈ সাধাৰণ মানুহৰ একাউণ্টৰ পৰা ধন লুণ্ঠন কৰিছিল আৰু কাৰ কাৰ নামত ভুৱা ছিম কাৰ্ড বা বেংক একাউণ্ট খুলিছিল, সেই সকলো দিশ সামৰি আৰক্ষীয়ে এক গভীৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী প্ৰশাসনৰ এই ক্ষিপ্ৰ পদক্ষেপক সোণতলী আৰু সমগ্ৰ কামৰূপবাসীয়ে আদৰণি জনাইছে।

You might also like