যোৰহাটত ভুৱা সাংবাদিকৰ ঘৰত ৩৮ টা নকল ছীল মোহৰ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ কাঠফুলাৰ দৰে গজি উঠা সীমাহীন ৱেব পৰ্টেলৰ একাংশ সাংবাদিক নামধাৰী লোকে সাংবাদিকতাৰ ক্ষেত্ৰখনেই কলুষিত কৰি পেলাইছে । অকল ব্লেকমেইল আৰু ধন ধটাৰ মাধ্যম হিচাপে এটা মোবাইল হাতত লৈ এচামে গাঁৱে ভূঞে চলাইছে সন্ত্ৰাস ।
পশ্চিম টেকেলাগাঁৱৰ জগত নেওঘ নামৰ এনে এজন ধুৰন্ধৰে বিগত কেইবা বছৰ ব্লেকমেইল আৰু দন দাবীৰে চলাই আহিছিল সন্ত্ৰাস । অঞ্চলটোৰ লাৱণ্য নেওগ নামৰ এগৰাকী প্ৰধান শিক্ষয়ত্ৰীয়ে দুদিন পূৰ্বে মধাহ্ন ভোজন বন্ধ থকাত এটা জাতিলাউ ঘৰলৈ বুলি লৈ আহোতে এইজন তথাকথিত সাংবাদিকে মোবাইলত ভিডিঅ কৰি সামাজিক মাধ্যমত দি শিক্ষয়ত্ৰীগৰাকীৰ ভাৱমূৰ্তি নিমিষতে শেষ কৰি দিছিল । যাৰ বাবে শিক্ষয়ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত পুলিবৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যোৱানিশা অভিযান চলাই যদিও তেওঁ আত্মগোপন কৰে । কিন্তু এই অভিযান কালত আৰক্ষীয়ে তেওঁৰ গৃহৰ পৰা বিভিন্ন প্ৰশাসনিক বিষয়াৰ প্ৰায় ৩৮ টা ভুৱা ছীল মোহৰ । এই ধুৰন্ধৰ তথাকথিত সাংবাদিকজনক গ্ৰেপ্তাৰৰ দাবী জনাইছে যোৰহাটৰ সচেতন ৰাইজ আৰু সাংবাদিক মহলে ।