নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলগাঁৱৰ CRPF-ৰ কোব্ৰা শিবিৰত কেঞ্চাৰ স্ক্ৰীনিং শিবিৰ

দলগাঁৱৰ চিআৰপিএফৰ ২১০নং কোব্ৰা শিবিৰত দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আজি অনুষ্ঠিত হয় কেঞ্চাৰ স্ক্ৰীনিং শিৱিৰ। কৰ্কট কেন্দ্ৰৰ চিকিৎসক, নাৰ্ছৰ লগতে কৰ্মচাৰীৰ দল এটাই চিআৰপিএফৰ শিবৰত উপস্থিত হৈ কোব্ৰা শিবিৰৰ একাংশ জোৱানৰ লগতে জোৱান সকলৰ পৰিঢ়ালবৰ্গৰো কেঞ্চাৰ স্ক্ৰীনিং, কেঞ্চাৰ সজাগতা, সাৱধানতা আদিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰে।

দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইছলামে চিআৰপিএফৰ জোৱান আৰু পৰিয়ালবৰ্গৰ সদস্য সকলক মুখৰ কৰ্কট ৰোগৰ স্ক্ৰীনিং কৰাৰ  লগতে কৰ্কট ৰোগৰ লক্ষণ, সাৱধানতা সম্পৰ্কত বক্তব্য আগবঢ়ায়।

দৰং কৰ্কট কেন্দ্ৰৰ নাৰ্ছিং অফিচাৰ নয়না শৰ্মা আৰু মিতালী ৰয়ে চিআৰপি এফৰ মহিলা জোৱান আৰু জোৱান সকলৰ পৰিয়ালবৰ্গৰ মহিলা সকলৰ স্তন কেঞ্চাৰ, জৰায়ু মুখৰ কেঞ্চাৰ স্ক্ৰীনিং কৰাৰ‌ লগতে কিছু মহিলাৰ পেপ স্মেয়াৰৰ নমুনা সংগ্ৰহ কৰে।

এই স্বাস্থ্য শিবিৰত উপস্থিত থকা শতাধিক লোকৰ কৰ্কট ৰোগৰ স্ক্ৰীনিং কৰাৰ‌ লগতে সকলোৰে উচ্চ ৰক্তচাপ, চুগাৰ, হিমগ্লবিন আদিৰো বিনামূলীয়া পৰীক্ষা কৰে। চিকিৎসা শিবিৰত দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই কৰ্কট কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱা সমূহৰ বিষয়ে অৱগত কৰে।

এই শিৱিৰত চিআৰপিএফৰ দলগাওঁ ২১০ নম্বৰ কোব্ৰা শিবিৰৰ কেইবা গৰাকীও উচ্চ পদস্থ বিষয়া সহ জোৱান উপস্হিত থাকি সজাগতা কাৰ্যসূচীত অংশ লয়।

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ২৭ জুন

You might also like