টি-২০ ক্ৰিকেট বিশ্বকাপত অভিযান সামৰিলে ভাৰতীয় মহিলা দলে
ডিজিটেল ডেস্ক, ২৯ জুন : মহিলা টি–২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল ডিফেণ্ডিং চেম্পিয়ন ভাৰত৷ দেওবাৰে লর্ডছত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বাহিৰ হয় ভাৰতীয় দল৷ নিশ্চিত জয়ৰ মেচখনত ভাৰতে ২০ অভাৰত ১৭০ ৰান কৰাৰ পাছত অষ্ট্রেলিয়াই এলিছ পেৰী আৰু গার্ডেনাৰৰ অর্ধশতকেৰে নিজৰ লক্ষ্যত উপনীত হয়৷
২০ অভাৰত ১৭০ ৰান যথেষ্ট নহ’ল ভাৰতীয় দলটোৰ বাবে। শেষত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ ভাৰতে গ্ৰুপ পৰ্যায়ৰ পৰাই প্ৰতিযোগিতাখনৰ পৰা বিদায় ল’লে। ষ্টেডিয়ামত উপস্থিত অন্যতম দৰ্শক বিৰাট কোহলিৰ সন্মুখতেই ভাৰতীয় মহিলা দলৰ বিশ্বকাপ জয়ৰ সপোন চূৰমাৰ হ’ল। অষ্ট্ৰেলিয়াই ছয় উইকেটত সহজ জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। আনহাতে, দ্বিতীয় দল হিচাপে দক্ষিণ আফ্ৰিকায়ো ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ঘৰুৱা মাটিত এদিনীয়া বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে যেন সহজেই আত্মসমৰ্পণ কৰে।
ইংলেণ্ডৰ পৰিৱেশত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তই ভাৰতৰ বাবে বিপদ মাতি আনে। পুৱাৰ ডাৱৰীয়া বতৰত বেটিং কৰাটো কঠিন হৈ পৰিছিল। ফলত ভাৰতৰ বেছিভাগ বেটাৰে কিছু ৰান কৰিলেও ধীৰ গতিত ৰান উঠাৰ বাবে দলটোৰ ক্ষতি হয়। শেফালীয়ে ৩৪ ৰান কৰি আউট হয়, স্মৃতি ৩৮ ৰানত ৰান আউট হয়। জেমিমাই ২৮টা বলত ৩৪ ৰান সংগ্ৰহ কৰে, যিটো টি-২০ ক্ৰিকেটৰ হিচাপত যথেষ্ট মন্থৰ ইনিংছ আছিল। অধিনায়ক হৰমনপ্ৰীতে ২৭টা বলত ৫৬ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি ভাৰতক ১৭০ ৰানলৈ আগবঢ়ায়।
আনহাতে, পিছত বেটিং কৰিবলৈ নামি ছফি মলিনেক্স নেতৃত্বাধীন অষ্ট্ৰেলিয়াই বতৰৰ কিছু সুবিধা লাভ কৰে। অৱশ্যে মাত্ৰ ৪ ৰানতেই অষ্ট্ৰেলিয়াৰ প্ৰথম উইকেট (জৰ্জিয়া ভ’ল) পৰাত ভাৰতীয় সমৰ্থকসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছিল। আনকি ৯.১ অভাৰত অষ্ট্ৰেলিয়াৰ তিনিটা উইকেটৰ পতন হৈছিল আৰু তেতিয়া তেওঁলোকৰ স্ক’ৰ আছিল মাত্ৰ ৬৮। কিন্তু তাৰ পিছতেই খেলখনৰ গতি সম্পূৰ্ণ সলনি হয়। ফিবি লিচফিল্ড আৰু বেথ মুনি আউট হোৱাৰ পিছত এলিছ পেৰী আৰু এছলি গাৰ্ডনাৰে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলে। তেওঁলোকৰ ১০০ ৰানৰ যুটিয়ে অষ্ট্ৰেলিয়াক জয়ৰ পথত আগুৱাই নিয়ে। পেৰীয়ে ৩৮টা বলত ৫৬ ৰান কৰি আউট হয় আৰু গাৰ্ডনাৰে ২৯টা বলত ৫৩ ৰান কৰি অপৰাজিত থাকে। শেষত এটা অভাৰ বাকী থাকোঁতেই অষ্ট্ৰেলিয়াই ছয় উইকেটত জয় নিশ্চিত কৰে।