আঠগাঁও মছজিদৰ বৈঠকলৈ যোৱা ছিপাঝাৰৰ ৩ জনক চিনাক্তঃ আইছ’লেচনত ভৰ্তি
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ গুৱাহাটীৰ আঠগাঁও কবৰস্থান মছজিদত যোৱা ১২ মাৰ্চত অনুষ্ঠিত এখন বৈঠকত উপস্থিত থকা ১০০ জন লোকৰ ভিতৰত ছিপাঝাৰৰ ৩ জনক চিনাক্ত কৰা হৈছে । দৰং জিলাৰ মুঠ ১০ জন অংশগ্ৰহণকাৰীৰ মাজ চিহ্নিত হোৱা ছিপাঝাৰৰ চেঙেলীয়াঝাৰ বাঘমৰাৰ ৰেজাউল হক চৌধুৰী, দুমুনীচকীৰ খলিল আলী আৰু গৰুখুঁটি ৰূপৰীকাষৰ মজিবৰ ৰহমান নিজ নিজ গৃহত সম্পূৰ্ণৰূপে আছুতীয়াকৈ থকাৰ পাছত কালি তিনিওজনকে প্ৰশাসনে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় ।
চৰকাৰৰ নিৰ্দেশত স্বাস্থ্যবিভাগে আঠগাঁও মছজিদৰ বিশেষ বৈঠকখনলৈ যোৱা এই তিনিওগৰাকী লোকক চিকিৎসালয়ত আইছ’লেচনত ৰাখি চিকিৎসা ব্যৱস্থা কৰা হৈছে ।