নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত আৰ্থিক সাহায্য প্ৰদানৰ নামত দুৰ্নীতি

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ৰঙিয়াত লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে আগবঢ়োৱা সাহায্যৰ ধনৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰদল গাঁও পঞ্চায়তত দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টিত এহেজাৰ টকীয়া সাহায্যৰ ধন চান কাঢ়ি খোৱাৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লকডাউনৰ সময়ত ৰেচনকাৰ্ড নথকা, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক চৰকাৰৰ ফালৰ পৰা এহেজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে । কিন্তু এই এহেজাৰ টকাৰ পৰা উক্ত পঞ্চায়তখনৰ এগৰাকী প্ৰতিনিধিয়ে এটা অংশ আত্মসাৎ কৰা বুলি অভিযোগত প্ৰকাশ । পঞ্চায়তখনৰ অন্তৰ্গত হীৰাগাটা গাঁৱত উক্ত চৰকাৰী সাহায্যৰ পৰা কোনো এটা পৰিয়ালক যদি পাঁচশ টকা দিছে, আন কোনো এটা পৰিয়ালক সাতশ টকা দিছে । এনেদৰে এক হাজাৰ টকাৰ চৰকাৰী অনুদানৰ পৰা ৩০০ ৰ পৰা ৫০০ টকা আত্মসাৎ কৰা বুলি হিতাধিকাৰী একাংশই অভিযোগ কৰে ।

You might also like