নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পুথিভঁৰাল

প্রথমে আমি মনত ৰখা ভাল যে পুথিভঁৰাল মানে কেৱল কিতাপৰ কোঠা নহয়৷ ই জাতিৰ মগজু, চিন্তা৷ পুথিভঁৰাল অবিহনে এখন শিক্ষানুষ্ঠান কেতিয়াও সম্পূর্ণ হ’ব নোৱাৰে৷ মানুহক মানুহ হিচাপে গঢ়ি তোলে কিতাপে, এই কিতাপ থাকে পুথিভঁৰালত৷ গতিকে পুথিভঁৰাল অবিহনে শিক্ষানুষ্ঠানসমূহ আত্মাবিহীন শৰীৰৰ দৰে ৷ স্বামী বিবেকানন্দই কৈছিল– এটা জাতিৰ উন্নতিৰ মান সেই জাতিৰ পুথিভঁৰালৰ দ্বাৰাই জুখিব পাৰি৷ কিন্তু আচৰিত কথা যে অসমৰ অধিকাংশ স্কুলতেই উন্নত মানৰ পুথিভঁৰাল নাই৷ পুথিভঁৰালৰ নামত এটা কোঠা থাকে যদিও সেই কোঠাটোৰ কিতাপৰ সংখ্যা অতিকৈ পুতৌজনক৷ শিক্ষাৰ ভেটি শক্তিশালী কৰিবলৈ হ’লে আমি পুথিভঁৰালক আওকাণ কৰিলে নহ’ব৷ বর্তমান অসমৰ অধিকাংশ শিক্ষানুষ্ঠানৰ পুথিভঁৰালৰ অৱস্থা নাই৷ আজিকালি অধিকাংশ শিক্ষার্থীয়ে শ্রেণীকোঠাত শিক্ষকে যিখিনি পঢ়ুৱায় সেইখিনিকেই কেৱল জীৱনৰ বাবে প্রয়োজন বুলি ভাবে৷ কিন্তু কথাবোৰ তেনে নহয়৷ পুথিভঁৰালত গৈ পঢ়া অভ্যাস কৰিলে জীৱনৰ বহু জ্ঞান লাভ কৰিব পাৰে৷ পুথিভঁৰালে এজন ব্যক্তিক বিজ্ঞান, সাহিত্য, ইতিহাস, খেল-ধেমালি, সকলো বিষয়ে জানিবলৈ সুযোগ দিয়ে৷ প্রতিযোগিতাৰ পৃথিৱীত প্রতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীর্ণ হ’বলৈ যি প্রস্তুতি চলোৱা হয়, সেই প্রস্তুতিৰ বাবেও পুথিভঁৰালে যথেষ্টখিনি সহায় কৰাৰ উপৰি মানুহৰ চিন্তা–চেতনা বিকাশ কৰে৷ কিন্তু ইমানবোৰ ইতিবাচক দিশ থকাৰ পিছতো বহু উচ্চ মাধ্যমিক বিদ্যালয়ত পুথিভঁৰাল নাই৷ নামত থাকিলেও গ্রন্থাগাৰত পর্যাপ্ত কিতাপ নাই৷ যিখিনি কিতাপ আছে সেইখিনি সংখ্যাত একেবাৰেই তাকৰ৷ বহু বিদ্যালয়ত পিয়ন বা ক্লার্কে, নতুবা কেতিয়াবা শিক্ষকে কোঠাৰ দুৱাৰ খুলি শিক্ষার্থীক কিতাপ দিয়ে৷ এনে দুখজনক পৰিস্থিতিৰ বাবেই নতুন প্রজন্মৰ মাজত কিতাপ পঢ়াৰ প্রৱণতা ক্রমাৎ হ্রাস পাইছে৷ ৰীলছ, ফোন, ভিডিঅ’ত অধিকাংশ ল’ৰা–ছোৱালীয়ে সময় অতিবাহিত কৰিছে৷ মহাবিদ্যালয়ৰ ক্ষেত্রত অসমৰ অতি কমসংখ্যক মহাবিদ্যালয়তহে সহ–গ্রন্থাগাৰিকৰ পদ আছে৷ যিসমূহ মহাবিদ্যালয়ত পদ আছে, তাত আকৌ নিয়োগ কৰা হোৱা নাই৷ বহু পদ খালী হৈ আছে৷ অসমৰ সাতখনকৈ বিশ্ববিদ্যালয়ত গ্রন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয়ক স্নাতকোত্তৰ পাঠ্যক্রম আছে৷ কিন্তু নামভর্তি কৰা শিক্ষার্থীৰ তুলনাত নিয়োগৰ সুবিধা কম৷ যদি অসমৰ প্রতিখন বিদ্যালয়ত চৰকাৰে পুথিভঁৰাল নির্মাণ কৰে তেনেহ’লে গ্রন্থাগাৰিক, সহ–গ্রন্থাগাৰিক পদ সৃষ্টি হ’ব৷ বহু নিবনুৱা যুৱক–যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিব৷

অসমত এতিয়া চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম৷ চতুর্থ বর্ষৰ পাঠ্যক্রমে গৱেষণা পদ্ধতি, প্রকল্পভিত্তিক শিক্ষণ আদিৰ দৰে দিশবোৰ সামৰি ল’ব৷ সপ্তম ষাণ্মাসিকৰ শিক্ষার্থীসকলে গৱেষণা পদ্ধতি বিষয়টোৰ পঢ়াৰ লগতে এই বিষয়ৰ সম্পূর্ণ প্রশ্নকাকতৰ পৰীক্ষাতো অৱতীর্ণ হ’ব লাগিব৷ এনেদৰে Honours with Research ক্ষেত্রত অষ্টম ষাণ্মাসিকৰ শিক্ষার্থীসকলে একোটা বিষয়ত গৱেষণা সম্পূর্ণ কৰি এখন ডিজার্টেচন প্রস্তুত কৰিব লাগিব আৰু সেই বিষয়ত প্রেজেণ্টেচন দিব লাগিব৷ এইক্ষেত্রত শিক্ষকসকলৰ লগতে মহাবিদ্যালয়ৰ গ্রন্থাগাৰিকৰো বহুখিনি কৰণীয় থাকিব বা আছে৷ শিক্ষার্থীসকলে শৈক্ষিক আৰু গৱেষণামূলক প্রয়োজন পূৰণৰ বাবে গ্রন্থাগাৰিকগৰাকীয়ে কিছু ক্ষেত্রত সক্রিয় ভূমিকা লোৱাটো দৰকাৰী৷ কাৰণ গৱেষণাৰ বাবে নির্ধাৰণ কৰা বিষয় সম্পর্কীয় ভিন্ন কিতাপ–পত্রৰ উপৰি প্রবন্ধ, গৱেষণা–পত্র আদিৰ নির্ভৰযোগ্য কেন্দ্র তথা উৎস হিচাপে গ্রন্থাগাৰৰ কথাই প্রাধান্য পায়৷ গ্রন্থাগাৰ এগৰাকীয়ে গৱেষক শিক্ষার্থীয়ে উপকৃত হ’ব পৰা সকলো সমল যোগান ধৰাৰ অগ্রণী ভূমিকা পালন কৰে, লগতে শিক্ষার্থীসকলৰ মাজত তথ্য সাক্ষৰতাৰ সম্পর্কে সজাগ কৰাৰ দায়িত্বও গ্রন্থাগাৰিকগৰাকীয়ে লোৱাটো জৰুৰী৷ তথ্য সাক্ষৰতাই শিক্ষার্থীসকলক তথ্য সম্ভাৰৰ মাজৰ পৰা নিজৰ প্রয়োজন মতে নির্বাচিত তথ্য বিচাৰি উলিয়াবলৈ সক্ষম কৰি তোলে৷ ইণ্টাৰনেটত উপলব্ধ তথ্যৰ অনুসন্ধান আৰু সংগ্রহ তথা এনে তথ্য মূল্যায়ন অতি দৰকাৰী কথা, গতিকে এই সম্পর্কে শিক্ষার্থীসকলক সজাগ-সচেতন কৰি তোলাৰ দায়িত্বও গ্রন্থাগাৰিকৰেই৷ মহাবিদ্যালয়ৰ গ্রন্থাগাৰিকক চৰকাৰীভাৱে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ পদেন সদস্য হিচাপে নিয়োগ কৰা হৈছে যদিও বহু মহাবিদ্যালয়ত গ্রন্থাগাৰিকক পৰিচালনা সমিতিলৈ নিমন্ত্রণ জনোৱা নহয়৷ সেয়ে পুথিভঁৰাল আৰু গ্রন্থাগাৰিকৰ ক্ষেত্রত চৰকাৰৰ দৃষ্টি অতিকৈ প্রয়োজন৷ খালী হৈ থকা সহ–গ্রন্থাগাৰিকৰ পদ পূৰণৰ লগতে অসমত প্রতিখন মহাবিদ্যালয়–মাধ্যমিক বিদ্যালয়তে উন্নত মানৰ আধুনিক পুথিভঁৰাল নির্মাণ কৰাটো সময়ৰ দাবী৷ সেয়ে চৰকাৰে পুথিভঁৰালৰ বাবে অলপ বেছিকৈ খৰচ কৰা প্রয়োজন৷ অসমত পুথিভঁৰালক মিছন হিচাপে লৈ কাম কৰিব লাগিব৷ কিন্তু মনত ৰখা ভাল– এই কাম যাতে দুদিনীয়া নহৈ চিৰযুগমীয়া হয়৷

You might also like