আজি ১৩ জুলাই, আহাৰ মাহৰ ২৮ তাৰিখ
সোমবাৰ : তিথি–চতুর্দশী, নক্ষত্র : মৃগশিৰা, যাত্রা : শুভ
মেষ : আজি কর্মক্ষেত্রত নতুন দায়িত্ব লাভ কৰিব পাৰে৷ আত্মবিশ্বাসেৰে আগবাঢ়িলে সফলতা লাভৰ সম্ভাৱনা আছে৷ পৰিয়ালত সুখ–শান্তি বজাই থাকিব৷ অপ্রয়োজনীয় খৰচ নিয়ন্ত্রণ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষ : আজি ধন সম্পর্কীয় বিষয়ত সতর্ক হওক৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ সৈতে সময় কটালে মন ভাল থাকিব৷ স্বাস্থ্যৰ প্রতি অলপ গুৰুত্ব দিয়ক৷ প্রেমত সাৱধান৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
মিথুন : আজি যোগাযোগৰ জৰিয়তে নতুন সুযোগ লাভ কৰিব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত অগ্রগতিৰ যোগ আছে৷ বন্ধু–বান্ধৱৰ সহযোগিতা লাভ কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
কর্কট : আজি আত্মবিশ্বাস বৃদ্ধি পাব৷ বহুদিনীয়া কাম সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে৷ পৰিয়ালত সুখৰ পৰিৱেশ থাকিব৷ স্বাস্থ্য ক্ষেত্রত খাদ্যাভ্যাসত সাৱধান হওক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
সিংহ : আজি নেতৃত্বৰ গুণ প্রকাশ পাব৷ কর্মক্ষেত্রত সন্মান লাভ কৰিব পাৰে৷ খৰচত সংযম ৰাখক৷ দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷
কন্যা : আজি পৰিকল্পনা অনুসৰি কাম হ’ব৷ সফলতা লাভ কৰিব৷ শিক্ষার্থীৰ বাবে দিনটো শুভ৷ স্বাস্থ্য ক্ষেত্রত এলাহ কমকৈ কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
তুলা : আজি নতুন পৰিচয় লাভ কৰিব পাৰে৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ পৰামর্শ আপোনাৰ বাবে লাভজনক হ’ব পাৰে৷ সামাজিক ক্ষেত্রত সন্মানপ্রাপ্তিৰ যোগ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷
বৃশ্চিক : আজি ধৈর্য ধৰি কাম কৰক৷ চাকৰি ক্ষেত্রত অগ্রগতিৰ সম্ভাৱনা আছে৷ অযথা তর্ক–বিতর্কৰ পৰা আঁতৰি থাকিব৷ পাৰিবাৰিক দিশত শুভ সংবাদ পোৱাৰ সুযোগ আছে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷
ধনু : আজি ভ্রমণৰ যোগ আছে৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন৷ স্থাৱৰ সম্পত্তি লাভৰ যোগ আছে৷ বিদ্যার্থীৰ শুভ৷ প্রেম আৰু বিবাহত কিছু অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ২৷
মকৰ : আজি নতুন চিন্তা আৰু পৰিকল্পনাই সফলতা আনিব পাৰে৷ বন্ধু–বান্ধৱৰ সহায় লাভ কৰিব৷ কর্ম ক্ষেত্রত উন্নতিৰ সম্ভাৱনা আছে৷ অপ্রয়োজনীয় চিন্তা বাদ দিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
কুম্ভ : আজি মন শান্ত আৰু আশাবাদী থাকিব৷ বহুদিন ৰৈ থকা কোনো কাম আগবাঢ়িব পাৰে৷ স্বাস্থ্য ক্ষেত্রত বিশ্রাম আৰু সুষম আহাৰৰ ওপৰত গুৰুত্ব দিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
মীন : আজি নিজৰ লক্ষ্যত অটল থাকিলে আশা কৰা ফল লাভ কৰিব৷ কর্মক্ষেত্রত নতুন দায়িত্ব আহিব পাৰে আৰু আপোনাৰ দক্ষতাৰ প্রশংসা হ’ব পাৰে৷ সন্ধিয়া সময়ত শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৮৷