ৰাজ্যজুৰি আজি (১২ জুলাই) জ্বলাই দিয়া হ’ল শ শ কুইন্টল গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী। উল্লেখ্য যে বছৰজুৰি আৰক্ষীয়ে অবৈধ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা এনে নিচাজাতীয় সামগ্রীসমূহ আজি জ্বলাই দিয়া হয়।
আজি পুৱা ৯ বজাত সমগ্ৰ অসমৰ জিলাসমূহত একেলগে চলে এনে ড্ৰাগছ ধ্বংসকৰণ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে লখিমপুৰ আৰক্ষীয়ে জব্দ কৰা এনডিপিএছ (NDPS) সামগ্ৰীসমূহ নগৰৰ সমীপৰ হাহচৰা আৰক্ষী ছাউনীত ধ্বংস কৰে। এই কাৰ্যসূচীত জিলাখনত জব্দ কৰা মুঠ ১৫১.৫ গ্ৰাম হেৰ’ইন আৰু ১৯৫৫.০৮ কিলোগ্ৰাম গাঞ্জা জ্বলাই ধ্বংস কৰা হয়। লোকচক্ষুৰ আগত এনে সামগ্রীসমূহত জুই দিয়ে জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই।
উক্ত কাৰ্যসূচীত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ উপৰি লখিমপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), উপ-আৰক্ষী অধীক্ষক (সদৰ), কাৰ্যবাহী দণ্ডাধীশ প্ৰাচুৰ্য নেওগ আৰু ডাঃ কুইন বৰুৱা উপস্থিত আছিল। এনেদৰে সমাজক ধ্বংস কৰা বৰবিহক জ্বলাই দিয়া হয়।