লর্ডছৰ প্রথমখন মহিলা টেষ্টত ইংলেণ্ডক হৰুৱালে হৰমনপ্রীত বাহিনীয়ে
ডিজিটেল ডেস্ক, ১৪ জুলাই : ঐতিহাসিক লর্ডছত ইতিহাস ৰচনা কৰিলে ভাৰতীয় মহিলা ক্রিকেট দলে৷ ১৪২ বছৰীয়া টেষ্ট ইতিহাসত লর্ডছ খেলপথাৰত আয়োজিত মহিলাৰ প্রথমখন টেষ্ট মেচতে ইংলেণ্ডৰ গৃহভূমিত গৈ অবিস্মৰণীয় জয়লাভ কৰিলে হৰমনপ্রীত কৌৰৰ ভাৰতীয় দলে৷
একমাত্র চাৰিদিনীয়া টেষ্টখনত ইংলেণ্ডৰ মহিলা দলটোক ২৭০ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় দলটোৱে৷ এই মহাকাব্যিক বিজয়েৰে বিশ্ব ক্রিকেটত ভাৰতৰ কন্যাসকলে আৰু এক নতুন ইতিহাস ৰচনা কৰিলে৷ প্রথমে বেটিং কৰি ভাৰতীয় দলটোৱে প্রথম ইনিংছত ২৮৫ ৰান সংগ্রহ কৰে৷ দলৰ হৈ স্মৃতি মান্ধানাই ৮৫, হৰমনপ্রীত কৌৰে ৫৮ আৰু দীপ্তি শর্মাই ৫৭ ৰানৰ অৰিহণা আগবঢ়ায়৷ প্রত্যুত্তৰত ভাৰতৰ ক্রান্তি গৌড়ৰ বিধ্বংসী বলিঙত ইংলেণ্ডে মাত্র ১৭০ ৰানতে প্রথম ইনিংছ সামৰে৷ দলটোৰ হৈ সর্বাধিক ৫২ ৰান কৰে এমী জ’নছে৷ ক্রান্তিয়ে মাত্র ৩৭ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে৷
ইপিনে, দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি উইকেটকীপাৰ–বেটাৰ য়াস্তিকা ভাটিয়াৰ অভিলেখ সৃষ্টিকাৰী অনবদ্য ১১৩, মান্ধানাৰ ৭০ আৰু ৰিচা ঘোষৰ ৫০ ৰানৰ সহায়ত ভাৰতে ৭ উইকেটৰ বিনিময়ত ৩৪১ ৰান সংগ্রহ কৰি ইনিংছ ঘোষণা কৰে৷ লর্ডছৰ ইতিহাসত প্রথমগৰাকী মহিলা ক্রিকেটাৰ হিচাপে টেষ্ট শতৰান অর্জন কৰাৰ গৌৰৱ অর্জন কৰে য়াস্তিকাই৷ ফলত, প্রথম ইনিংছৰ অগ্রগতিৰ সৈতে ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ৪৫৭ ৰানৰ এক লক্ষ্য বান্ধি দিয়ে ভাৰতে৷
দ্বিতীয় ইনিংছৰ আৰম্ভণিতে ভাৰতীয় স্পীন আৰু পেচৰ যুটীয়া আক্রমণৰ সন্মুখত আৰম্ভণিতেই দিশহাৰা হৈ পৰে ইংলেণ্ড দল৷ ছায়ালি সতঘৰে, স্নেহ ৰাণা আৰু ক্রান্তি গৌড়ৰ বলিঙৰ সন্মুখত দ্বিতীয় ইনিংছতো ছন্দহীন হৈ পৰে ইংলেণ্ডৰ শীর্ষক্রমৰ বেটিং লাইন৷ তৃতীয় দিনাৰ খেলৰ শেষত ইংলেণ্ডৰ স্ক’ৰ আছিল ৬ উইকেটত ১৩০ ৰান৷ চতুর্থ তথা অন্তিম দিনটোত ভাৰতক জয়ৰ বাবে প্রয়োজন আছিল ৪টা উইকেট৷ মেচৰ অন্তিম দিনা মাত্র ১৮৬ ৰানত অন্ত পৰে ইংলেণ্ডৰ দ্বিতীয় ইনিংছ৷ লর্ডছৰ ঐতিহাসিক খেলপথাৰত ভাৰতীয় কন্যাৰ এই অবিস্মৰণীয় টেষ্ট জয় ভাৰতীয় ক্রিকেটৰ ইতিহাসত স্বর্ণ আখৰেৰে লিখা থাকিব৷
ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট মেচৰ তৃতীয় দিনা ভাৰতীয় উইকেটকীপাৰ বেটাৰ য়াস্তিকা ভাটিয়াই নিজৰ কেৰিয়াৰৰ প্রথমটো টেষ্ট শতক অর্জন কৰি ঐতিহাসিক লর্ডছ ক্রিকেট গ্রাউণ্ডত শতক অর্জন কৰা প্রথমগৰাকী মহিলা ক্রিকেটাৰ হিচাপে পৰিগণিত হয়৷ মেচৰ তৃতীয় দিনা ৩৯ ৰানত অপৰাজিত হৈ থকা য়াস্তিকাই ১৪৫টা বলত নিজৰ শতক অর্জন কৰে৷ খেলপথাৰৰ এক্সট্ৰা ক’ভাৰেৰে সুন্দৰ ড্রাইভ মাৰি নিজৰ শতক অর্জন কৰাৰ লগে লর্ডছৰ দর্শকে তেওঁক উষ্ম আদৰণি জনায়৷ ১৫৮টা বলত ১১৩ ৰান কৰি ছ’ফি এক্লেষ্টনৰ বলত আডট হয়৷ ইপিনে, টেষ্টখনত অনবদ্য প্রদর্শন দাঙি ধৰা ভাৰতৰ দুগৰাকী ক্রিকেটাৰে লর্ডছ অনার্ছ ব’ৰ্ডত স্থান লাভ কৰিছে৷ দ্বিতীয় ইনিংছত শতক অর্জন কৰি লর্ডছত প্রথমগৰাকী মহিলা খেলুৱৈ হিচাপে শতক অর্জন কৰি য়াস্তিকাই লর্ডছ অনার্ছ ব’ৰ্ডত স্থান লাভ কৰে৷
ইফালে, টেষ্টখনৰ প্রথম ইনিংছত ৫টা উইকেট দখল কৰা ক্রান্তি গৌড়েও এই সন্মান লাভ কৰে৷ আনহাতে, ইংলেণ্ডৰ ছ’ফি এক্লেষ্টনেও ৫টা উইকেট দখল কৰা দ্বিতীয়গৰাকী মহিলা ক্রিকেটাৰ হিচাপে অনার্ছ ব’ৰ্ডত স্থান লাভ কৰে৷