নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰীয়াৰ অকলশৰীয়া লোকক যোগান কৰিলে ঔষধ

নগাঁও আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপঃ সামাজিক মাধ্যমযোগে জনাইছিল আহ্বান

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ লকডাউনত জনজীৱন স্তব্ধ হৈ পৰাত ৰাইজ কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। কিন্তু এই সংকটৰ সময়ত আৰ্তজনক সহায় কৰাৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তি অনুষ্ঠানৰ লগতে নগাঁও আৰক্ষীয়ে বিভিন্নজনক সহায়ৰ হাত আগবঢ়াই আহিছে। শেহতীয়াকৈ নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা (আই পি এছ)
নেতৃত্বত নগাঁও জিলাখনৰ জুৰীয়াৰ এজন অকলশৰীয়া লোকক নগাঁও চহৰৰ পৰা প্ৰয়োজনীয় দৰব যোগান ধৰি শলাগৰ পাত্ৰ হৈ পৰিছে। অনুপম কাকতি নামৰ এজন লোকে সামাজিক মাধ্যমৰ জৰিয়তে নগাঁও আৰক্ষীক অতি জৰুৰীভাৱে দৰবখিনি যোগান ধৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁও আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে।আৰক্ষীৰ এনে মহানুভতাক সকলোৱে প্ৰশংসা কৰিছে।

You might also like