সম্পাদকীয় : তথ্য সাক্ষৰতা
ডিজিটেল পৃথিৱীত আমি প্রতিদিনে বিশাল পৰিমাণৰ তথ্যৰ সংস্পর্শলৈ আহোঁ৷ ইমানবোৰ তথ্য লাভ কৰাৰ পিছত আমাৰ সত্য–প্রাসংগিক দিশটো নিৰূপণ কৰাটো কঠিন হৈ পৰে৷ সম্প্রতি এটা ক্লিকতেই অসংখ্য প্রবন্ধ, ছ’চিয়েল মিডিয়াৰ প’ষ্ট, ভিডিঅ’, বিজ্ঞাপন, বাতৰিলৈকে সকলোৰে পৰা আমি তথ্য লাভ কৰোঁ৷ এই তথ্য লাভ কৰা খবৰক ইতিবাচক দিশ বুলি ভাবিলেও কেতিয়াবা প্রত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হয় আৰু তেতিয়াই তথ্য সাক্ষৰতাৰ প্রয়োজনীয়তা আহি পৰে৷ তথ্য সাক্ষৰতা মানেই হ’ল– প্রয়োজনীয় তথ্য চিনাক্ত কৰা আৰু সেই তথ্য কার্যকৰীভাৱে বিচাৰি মূল্যায়ন–ব্যৱহাৰ কৰা৷ তথ্য সাক্ষৰতাই কেৱল মানুহক তথ্য বিচাৰি উলিওৱাতেহ নহয়, গুণগত মান, উদ্দেশ্য বুজি পোৱাতো সহায় কৰে৷ তথ্য সাক্ষৰতা নথকাৰ বাবে বহু ভুল তথ্য আৰু পক্ষপাতিত্ব অতি ক্ষিপ্রতাৰে বিয়পি পৰে৷ তথ্য সাক্ষৰতাই ব্যক্তিসকলক উৎসসমূহ সমালোচনাত্মকভাৱে পৰীক্ষা কৰিবলৈ, সঠিক তথ্যৰ আধাৰত সুচিন্তিত সিদ্ধান্ত আৰু আত্মবিশ্বাসেৰে ডিজিটেল জগতৰ জটিলতাসমূহ অতিক্রম কৰিবলৈ সক্ষম কৰি তোলে৷ শিক্ষা, কর্মক্ষেত্র বা ব্যক্তিগত জীৱনৰ বাবেও তথ্য সাক্ষৰতা হৈছে মূল চাবিকাঠী৷ ছ’চিয়েল মিডিয়াৰ যুগত এপবোৰৰ দ্বাৰা আমি বহুতো তথ্য লাভ কৰোঁ৷ এই অতিমাত্রা তথ্য লাভ কৰি থকাৰ বাবেই কেতিয়াবা বোজা হিচাপেও ভবা হয়৷ যাৰ বাবে বহু তথ্যৰ মাজৰ পৰা নির্ভৰযোগ্য তথ্য বিচাৰি প্রভেদ উলিওৱাটো আমাৰ বাবে জটিল হৈ পৰে৷ বহু সময়ত ভুল তথ্য প্রচাৰ হৈ থাকে৷ এই ভুল তথ্যই সমাজখনক ভাগ ভাগ কৰি তোলে৷ সেয়েহে ক্ষিপ্রগতিত চলা এই পৃথিৱীৰ প্রতিজন ব্যক্তিয়ে সুচিন্তিত আৰু সঠিক সিদ্ধান্ত লোৱাটো অতিকৈ প্রয়োজন৷ শৈক্ষিক প্রেক্ষাপটত, শৈক্ষিক সফলতাৰ বাবে সাক্ষৰতাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ পেছাদাৰী জগতত তথ্য সাক্ষৰতা এক ডাঙৰ সম্পদ৷ সংখ্যাক বুজিবলৈ, ডাটা এনালিষ্ট, কৌশল প্রস্তুত কৰিবলৈ তথ্যৰ প্রয়োজন৷ যিসকল পেছাদাৰী ব্যক্তি তথ্য সাক্ষৰ, তেওঁলোকে উন্নত সিদ্ধান্ত লোৱাৰ উপৰি সমস্যাসমূহ অধিক সমাধান কৰিব পাৰে৷
আজিৰ পৃথিৱীত ভুল তথ্য–ভুৱা বাতৰি বৰ সোনকালে বিয়পি পৰে৷ বিভ্রান্তিকৰ বাতৰি বিয়পিবলৈ বেছি সময় নালাগে৷ ৰাজনৈতিক প্রচাৰৰ পৰা, স্বাস্থ্যজনিত পৰামর্শ আদি সকলো ক্ষেত্রতেই ভুৱা বাতৰি–তথ্যৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে৷ এই সময়খিনি ভুল–শুদ্ধ বিচাৰ কৰাটো সাধাৰণ মানুহৰ বাবে কঠিন হৈ পৰে৷ উদাহৰণস্বৰূপে, ক’ভিড–১৯ মহামাৰীৰ সময়ত ভাইৰাছটো সম্পর্কে আৰু ইয়াৰ চিকিৎসা–প্রসাৰ সম্পর্কে ছ’চিয়েল মিডিয়াত ব্যাপক ভুল তথ্য বিয়পি পৰিছিল৷ সেয়ে সেই সময়ত বহুতে প্রচাৰ কৰিছিল যে ৰোগ সম্পর্কে অধিক তথ্য লাভ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থা বা চিডিচিৰ দৰে নির্ভৰযোগ্য প্রতিষ্ঠানৰ পৰা তথ্যবোৰ পঢ়িব লাগে৷ এই কথাবোৰে মিছা প্রচাৰৰ পৰা ৰক্ষা পাবলৈ বহুতকে সহায় কৰিছিল৷ বর্তমান সময়ত কেতিয়াবা কেতিয়াবা আমি কেঞ্চাৰৰ নতুন চিকিৎসা আৱিষ্কাৰ হোৱা বুলি পঢ়িবলৈ পাওঁ৷ তেনে তথ্য লাভ কৰিলে অধিক জানিবৰ বাবে নির্ভৰযোগ্য চিকিৎসা বিজ্ঞানৰ জার্নেল বা স্বাস্থ্য সংস্থাৰ সৈতে কথাটো মিলাই চোৱাটো অতিকৈ প্রয়োজন৷ বানপানীৰ সময়ত বান্ধ ভাগি গ’ল, এতিয়াই ঘৰ এৰি পলাওক, চৰকাৰী চাকৰিৰ বাবে ৫ লাখ দিলেই নিযুক্তি, ১২ বজাৰ পিছত ইণ্টাৰনেট বন্ধ হ’ব, গৰম পানী খালে ক’ৰোনা ভাইৰাছ মৰি যায় আদি ভিন্ন ভুৱা বাতৰি চৌদিশে সময়ে সময়ে বিয়পি থাকে৷ এনে সময়খিনিত তথ্য সাক্ষৰতা হৈছে আধুনিক পৃথিৱীত দিশ হেৰুৱাই যাবলৈ নিদিয়া এক শক্তিশালী অস্ত্র৷ ই আমাক উৎস বিচাৰিবলৈ, প্রমাণ বিচাৰিবলৈ শিকোৱাৰ লগতে একপক্ষীয় দৃষ্টিভংগীৰ পৰা আঁতৰাই ৰাখে৷ বহুতে ভুল তথ্যৰে কাৰোবাক প্রতাৰণা কৰিবলৈ নতুবা বিপথে পৰিচালিত কৰিবলৈ ইচ্ছাকৃতভাৱে সৃষ্টি কৰে৷ এইবোৰ তথ্য ছ’চিয়েল মিডিয়াত সহজে উপলব্ধ৷ সেয়ে বর্তমান ফেক্ট চেকিং অতিকৈ জৰুৰী হৈ পৰিছে৷ Snopes, pilitifact, factchek.orGৰ দৰে ৱেবছাইটবোৰ ভুৱা বাতৰি চিনাক্ত কৰাৰ বাবে অতি মূল্যৱান আহিলা হৈ পৰিছে৷ সাম্প্রতিক সময়ত তথ্য সাক্ষৰতা থাকিলেহে সুস্থিৰ–শক্তিশালী গণতন্ত্র গঢ়ি তুলিব পাৰি৷ সেয়ে সকলো সজাগ–সচেতন হওক৷ কোনো তথ্যৰ অতিৰঞ্জিত ব্যৱহাৰ বা আৱেগিক ভাষা ব্যৱহাৰ কৰা বিজ্ঞাপন দেখিলেই আৱেগিকভাৱে সমর্থন কৰাতকৈ তথ্য সাক্ষৰ হৈ অন্তর্নিহিত উদ্দেশ্য আৰু পক্ষপাতিত্ব চালিজাৰি চোৱাটো অতিকৈ প্রয়োজন৷ তথ্য সাক্ষৰতাই মানুহৰ মগজু তীক্ষ্ম কৰে, প্রশ্ণ কৰিবলৈ শিকায়, সমস্যাক পদ্ধতিগতভাৱে বিশ্লেষণ কৰিবলৈ, সৃজনশীল দিশেৰে ভাবিবলৈ বাধ্য কৰাৰ লগতে নিজৰ সুৰক্ষা অক্ষুণ্ণ ৰাখি ইণ্টাৰনেটৰ জগতখনক অধিক তথ্যসমৃদ্ধ আৰু নিৰাপদ কৰি তুলিব পাৰোঁ৷