ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পানেৰী সমষ্টিৰ গৰুৱাঝাৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। ঘৰৰ ওচৰৰ এটা পুখুৰীত গা ধুবলৈ গৈ পানীত পৰি দুজন কণমানি শিশুৰ কৰুণ মৃত্যু হয়।
জানিব পৰা মতে, দুয়োটা শিশু হঠাতে সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ চলায়। কিন্তু কোনো সন্ধান নোপোৱাত পিছত ওচৰৰ পুখুৰীত বিচাৰি দুয়োটা শিশুক উদ্ধাৰ কৰে।
সংকটজনক অৱস্থাত তৎক্ষণাৎ ডিমাকুছি চিকিৎসালয়লৈ নিয়াৰ পিছতো চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।
মৃত শিশু দুটি হৈছে ১নং গৰুৱাঝাৰৰ বাসিন্দা চৰিফুল আলীৰ ৯ বছৰীয়া পুত্ৰ ৰছিদুল আলী আৰু খৱীৰ হুছেইনৰ ৮ বছৰীয়া পুত্ৰ ইক্ৰামুল হুছেইন। জানিব পৰা মতে, দুয়োটা শিশু একেটা পৰিয়ালৰে বায়েক-ভায়েকৰ সম্পৰ্কীয় আছিল।
একেলগে দুটি কণমানি শিশুৰ এই কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ গৰুৱাঝাৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল দুটিলৈ সমবেদনা জ্ঞাপন কৰিছে।
ডিজিটেল ডেস্ক, ১৭ জুলাই