ডিজিটেল ডেস্ক, ১৭ জুলাই : গোসাঁইগাঁও চহৰত পুনৰ সক্ৰিয় হৈছে চিলনী চোৰৰ দল। আজি দিন-দুপৰতে সংঘটিত এক ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, বাইকত অহা দুই অজ্ঞাত দুৰ্বৃত্তই পথেৰে গৈ থকা এগৰাকী মহিলাক লক্ষ্য কৰি মুহূৰ্তৰ ভিতৰতে তেওঁৰ ডিঙিত থকা সোনৰ চেইন থপিয়াই লৈ পলায়ন কৰে। ঘটনাটো ইমানেই আকস্মিকভাৱে সংঘটিত হয় যে মহিলাগৰাকীয়ে কোনোধৰণৰ প্ৰতিৰোধ কৰাৰ সুযোগেই নাপালে।
এই ঘটনাই গোসাঁইগাঁও চহৰত আইন-শৃংখলা আৰু জনসাধাৰণৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ মহিলাসকলৰ বাবে দিন-দুপৰতে ৰাজপথত চলা-ফুৰা কৰাটো কিমান নিৰাপদ, এই প্ৰশ্ন এতিয়া ৰাইজৰ মাজত তীব্ৰভাৱে উত্থাপিত হৈছে।
স্থানীয় ৰাইজে এনে অপৰাধমূলক ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ আৰক্ষীৰ নিয়মীয়া টহল বৃদ্ধি, চি চি টিভি ব্যৱস্থা শক্তিশালীকৰণ আৰু দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।